ETV Bharat / state

কাৰাগাৰৰ বন্ধ কুঠৰীত সৃষ্টিশীলতাৰ অনন্য নিদৰ্শন

author img

By

Published : Aug 1, 2021, 9:31 PM IST

অপৰাধৰ বাবে জীৱনৰ বহু মূল্যৱান সময় জে’লৰ ভিতৰত থকাৰ মাজতে ৰাজ্যৰ 31 খনকৈ কাৰাগাৰৰ একাংশ কয়দী এতিয়া ব্যস্ত বাঁহ-বেতৰ সামগ্ৰী প্ৰস্তুত কৰাত ৷ এসমত অপৰাধ কৰা সেই হাতৰ পৰশতে এতিয়া প্ৰাণ পাই উঠিছে বহু শিল্পকৰ্ম ৷

unique-example-of-creativity-by-prisoner-in-closed-room-of-jail
কাৰাগাৰৰ বন্ধ কুঠৰীত সৃষ্টিশীলতাৰ অনন্য নিদৰ্শন

গুৱাহাটী, 1 আগষ্ট : বিভিন্ন সময়ত বিভিন্ন কাৰণত অপৰাধ সংঘটিত কৰি বন্ধ কুঠৰীত জীৱন অতিবাহিত কৰাসকলৰ মাজতো আছে সৃষ্টিশীলতাৰে জীৱনৰ জয়গান গোৱাৰ মানসিকতা ৷ তেনে এক মানসিকতাৰে কাৰাগাৰৰ অন্ধ কুঠৰীৰ মাজতো জীৱনৰ সন্ধান কৰিছে একাংশ কয়দীয়ে ৷ নিজৰ অতীতৰ ভুলৰ কথা পাহৰি বহু অপৰাধীয়ে এতিয়া বিচাৰিছে জীৱনৰ ছন্দ৷ অপৰাধৰ বাবে জীৱনৰ বহু মূল্যৱান সময় কাৰাগাৰৰ ভিতৰত থকাৰ মাজতে ৰাজ্যৰ 31 খনকৈ কাৰাগাৰৰ একাংশ কয়দী এতিয়া ব্যস্ত বাঁহ-বেতৰ সামগ্ৰী নির্মাণত ৷

Unique example of creativity by prisoner in closed room of jail

সময়, পৰিৱেশ, পৰিস্থিতি বিভিন্ন বিষয়ৰ ভিত্তিত এসময়ত অপৰাধ সংঘটিত কৰা অপৰাধীসকলৰ সেই হাতৰ পৰশত এতিয়া প্ৰাণ পাই উঠিছে বহু শিল্পকৰ্ম ৷ ইতিমধ্যে বিভিন্ন জিলাৰ কাৰাগাৰত থকা প্ৰায় দুই শতাধিক কয়দীয়ে কাৰাগাৰৰ ভিতৰতে প্ৰস্তুত কৰি উলিয়াইছে বাঁহ-বেতৰ ফাৰ্ণিচাৰ, মুঢ়া, LED বাল্ব, জৈৱিক সাৰকে ধৰি বিভিন্ন ধৰণৰ চকুত লগা সামগ্ৰী ৷ ইফালে এইসকল কয়দীয়ে প্ৰস্তুত কৰা সামগ্ৰী বিক্ৰী কৰাৰো ব্যৱস্থা গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে ৷

ইয়াৰ বাবে ইতিমধ্যে কাৰাগাৰ কর্তৃপক্ষৰ সহযোগত মহানগৰীৰ খানাপাৰাত কয়দীয়ে প্ৰস্তুত কৰা সামগ্ৰীসমূহ বিক্ৰীৰ বাবে এখন বিপণী মুকলি কৰা হৈছে ৷ প্ৰায় 5 মাহ পূৰ্বে মুকলি হোৱা এই বিপণীখনৰ প্ৰতি এতিয়া লাহে লাহে এতিয়া গ্ৰাহকৰ আকৰ্ষণ বৃদ্ধি পাইছে ৷ এই বিপণীৰ পৰা বিক্ৰী হোৱা সামগ্ৰীসমূহৰ পৰা এটা অংশ উপার্জন কৰিবলৈ সক্ষম হৈছে কয়দীসকলে ৷

উল্লেখ্য যে, বিভিন্ন প্ৰকাৰৰ বাঁহৰ মুঢ়া, বেতৰ চকী, চোফাছেট, বাঁহ-বেতেৰে সজা অলংকাৰেৰে ভৰি আছে এই দোকানখন ৷ মূলত বাঁহেৰে প্ৰস্তুত কৰা নেকলেচ আৰু কাণফুলি আদিয়ে সহজতে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে ৷ ইফালে কাৰাগাৰৰ কয়দীৰ মনোবল বৃদ্ধিৰ লগতে উপার্জনৰ সুবিধা দিয়াৰ বাবে এই ব্যতিক্ৰমী পদক্ষেপ গ্ৰহণ কৰা হৈছে বুলি জানিবলৈ দিয়ে কাৰাগাৰসমূহৰ মহা পৰিদর্শক বর্ণালী শর্মাই ৷ লগতে অসমৰ প্ৰতিখন কাৰাগাৰক উজ্জীৱিত কৰিবলৈ বিভিন্ন পৰিকল্পনা হাতত লোৱাৰ কথা জানিবলৈ দি মহা পৰিদর্শক বর্ণালী শর্মাই কয় যে, ইতিমধ্যে চৰকাৰে সৃজন আঁচনিৰ জৰিয়তে কাৰাগাৰসমূহৰ বাবে বাজেটত বিশেষ পুঁজি ধার্য কৰিছে ৷ এই পুঁজিৰ জৰিয়তে কাৰাগাৰসমূহক উজ্জীৱিত কৰাৰ লগতে কয়দীসকলৰ হস্তকলাৰ বাবে ব্যৱহৃত সামগ্ৰী ক্ৰয় কৰাৰ ব্যৱস্থা কৰিছে কাৰাগাৰ কর্তৃপক্ষই ৷

লগতে পঢ়কঃ উৎকণ্ঠাৰ অন্ত : কংগ্ৰেছ এৰি হাতত পদুম তুলি ল’লে সুশান্তই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.