ৰঙিয়া,17 জুন: ৰঙিয়াত অব্যাহত আছে বন বিভাগৰ অভিযান । বৃহস্পতিবাৰে কামৰূপ জিলাৰ গাছবাৰী আৰু খেপকুছিত অভিযান চলাই বন বিভাগে জব্দ কৰে দুটাকৈ কাঠ ফলা মেচিন ।
ৰঙিয়া খণ্ড বন বিষয়াৰ নেতৃত্বত যোৱা বন বিভাগৰ এটা দলে বৃহস্পতিবাৰে চলাই এই অভিযান আৰু উচ্ছেদ কৰে দুটাকৈ কাঠ ফলা মিল । অৱশ্যে বন বিভাগৰ দল ঘটনাস্থলীত উপস্থিত হোৱাৰ উমান পাই অবৈধ কাঠ ফলা মিলৰ গৰাকীজনে পলায়ন কৰে ।
উল্লেখ্য যে, কেইবাটাও কাঠ ফলা মিলত অভিযান চলালে যদিও এজন লোককো আটক কৰিবলৈ সক্ষম নহ’ল অভিযানকাৰী দলটো । শেহতীয়াভাৱে ৰঙিয়াত এনে অবৈধ ব্যৱসায়ীৰ বিৰুদ্ধে অধিক কঠোৰ হোৱা পৰিলক্ষিত হৈছে ৰঙীয়া বন বিভাগ ৷
লগতে পঢ়ক: আজিও অৱহেলিত চৰাইদেউৰ দগাযুঁজ ৰণকৌশল ক্ষেত্ৰ