ETV Bharat / state

ক’লাজলত আটক চিলনী চোৰ - thief arrested

আৰক্ষীৰ জালত পৰিল দীৰ্ঘদিন ধৰি ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত ত্ৰাসৰ সৃষ্টি কৰা দুই চিলনী চোৰ ৷ ৰাইজৰ সহযোগত কমলপুৰ আৰক্ষীয়ে আটক কৰিছে চোৰ দুটাক ৷

police
ক’লাজলত আটক চিলনী চোৰ
author img

By

Published : Sep 9, 2020, 10:14 AM IST

বাইহাটা চাৰিআলি, 9 ছেপ্টেম্বৰ : কমলপুৰ আৰক্ষীৰ জালত দুই চিলনী চোৰ । কামৰূপ জিলাৰ কমলপুৰ থানাৰ অন্তৰ্গত জালিমুৰাত স্থানীয় ৰাইজে এটা চিলনী চোৰ কৰায়ত্ব কৰি চমজালে কমলপুৰ আৰক্ষীক । ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ কমলপুৰৰ জালিমুৰাত কেইগৰাকীমান মহিলাই গাড়ীৰ বাবে অপেক্ষা কৰি থকা অৱস্থাত স্কুটীত অহা দুই যুৱকে এগৰাকী মহিলাৰ পৰা মবাইল ফোন আৰু চেইন কাঢ়ি নিয়াৰ চেষ্টা কৰে । কিন্তু মহিলা কেইগৰাকীৰ তৎপৰতা আৰু স্থানীয় ৰাইজৰ সহযোগত এজন যুৱকক ঘটনাস্থলীতে কৰায়ত্ব কৰিবলৈ সক্ষম হয় যদিও স্কুটি চলোৱা আনজন যুৱকে ঘটনাস্থলীৰ পৰা কৰে পলায়ন ।

ক’লাজলত আটক চিলনী চোৰ

চাহিল আহমেদ নামৰ চিলনী চোৰটোক স্থানীয় লোকসকলে লপাথপা দি চমজাই দিলে কমলপুৰ আৰক্ষীক । চাহিল আহমেদৰ ভাষ্যৰ ভিত্তিত কমলপুৰ আৰক্ষীয়ে চাংসাৰিত ভাড়াতীয়া হিচাপে থকা চাহিলৰ সহযোগী ময়নুদ্দিন আহমেদক গুৱহাটীৰ শদিলাপুৰৰ পৰা আটক কৰে । কমলপুৰ আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি, ধৃত চাহিল আহমেদ আৰু ময়নুদ্দিন আহমেদে দীৰ্ঘদিন ধৰি ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত ত্ৰাসৰ সৃষ্টি কৰি আহিছিল । কমলপুৰ আৰক্ষীয়ে ঘটনা সন্দৰ্ভত এক গোচৰ ৰুজু কৰি তদন্ত অব্যাহত ৰাখিছে ।

লগতে পঢ়ক : অখিল গগৈৰ আহ্বানৰ পিচতেই আলোচনাত মিলিত হ’ল 70 সংগঠনৰ নেতৃত্ব

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.