ৰঙিয়া, দক্ষিণ কামৰূপ, 8 নৱেম্বৰঃ ৰঙিয়া আৰু দক্ষিণ কামৰূপৰ দুগৰাকী যুৱতী ৷ ৰঙিয়াৰ তুলসীবাৰীৰ শ্বিবানী দাস আৰু দক্ষিণ কামৰূপ মিৰ্জাৰ সীমা কলিতাৰ ফুল যেন জীৱনটোৰ পাহি মেলোতেই ক্ৰমশঃ মোচৰ খাইছে সপোনবোৰ ৷ যোৱা 2 বছৰৰ পৰা হৃদৰোগত আক্ৰান্ত শ্বিবানী দাস নামৰ যুৱতীগৰাকী ৷ দিনে নিশাই চিকিৎসাৰ অভাৱত জীৱন-মৃত্যুৰে যুঁজিছে যুৱতীগৰাকীয়ে ৷ দৰিদ্ৰ পৰিয়ালটোৱে কন্যাৰ চিকিৎসাৰ বাবে ঘৰৰ মাটি, হালৰ গৰু বিক্ৰী কৰি এতিয়া সৰ্বস্বান্ত হৈছে ৷ জীয়ৰীক সুস্থ কৰি তুলিবলৈ প্ৰয়োজন হোৱা লক্ষাধিক টকাৰ ধন যোগাৰ কৰিবলৈ সম্পূৰ্ণৰূপে অসমৰ্থ পৰিয়ালটো । চৰকাৰৰক উপযুক্ত চিকিৎসাৰ বাবে দুৰ্ভগীয়া পৰিয়ালটোৱে সহায় কৰিবলৈ আহ্বান জনাইছে । লগতে শ্বিবানীক সুস্থ কৰি তুলিবলৈ সুহৃদয়ৱান ব্যক্তি অথবা দল-সংগঠনে সহায় কৰিব বিচাৰিলে 6900957771 নম্বৰত যোগাযোগ কৰিবলৈ কাতৰ অনুৰোধ জনাইছে পৰিয়ালটোৱে । নাইবা শ্বিবানীৰ মাতৃ শান্তি দাসৰ SBI ৰ ৰঙিয়া বজাৰ শাখাৰ 36999947797 নম্বৰৰ একাউন্টত আগবঢ়াব পাৰিব অনুদান ৷
IFSC code: CBIN0283207
Branch:-Mirza
Mobile number: 9127197073