ETV Bharat / state

Two hackers arrested by police : বিশ্বজুৰি ত্ৰাসৰ সৃষ্টি কৰা ছুপাৰ হেকাৰ অৱশেষত আৰক্ষীৰ জালত - হেকিং ওস্তাদ এইবাৰ ওলাল ৰঙিয়াত

অৱশেষত আৰক্ষীৰ জালত পৰিল বিশ্বজুৰি ত্ৰাসৰ সৃষ্টি কৰা ছুপাৰ হেকাৰ (hackers arrested by police) ৷ ৰঙিয়াৰ পৰা নিয়ন্ত্ৰণ কৰি আছিল আন্তঃৰাষ্ট্ৰীয় জগত ৷ স্বস্তিৰ নিশ্বাস সৰ্বসাধাৰণৰ ৷

Two hackers arrested by police
বিশ্বজুৰি ত্ৰাসৰ সৃষ্টি কৰা ছুপাৰ হেকাৰ অৱশেষত আৰক্ষীৰ জালত
author img

By

Published : Dec 25, 2022, 2:23 PM IST

বিশ্বজুৰি ত্ৰাসৰ সৃষ্টি কৰা ছুপাৰ হেকাৰ অৱশেষত আৰক্ষীৰ জালত

ৰঙিয়া,25 ডিচেম্বৰ: ৰঙিয়াৰ পৰা বিশ্ব কপাঁইছে দুই ছুপাৰ হেকাৰে । হেকিং ওস্তাদ এইবাৰ ওলাল ৰঙিয়াত । ৰঙিয়াৰ পৰাই নিয়ন্ত্ৰণ কৰি আহিছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ লছ এঞ্জেলছৰ চাৰ্ভাৰ । অৱশেষত জালত পৰিল ৰঙিয়াৰ ২ ছুপাৰ হেকাৰ (Two hackers arrested by police) । ইমান দিনে হয়তো আপুনি মই ভাবি আছিলো যে বহিঃৰাজ্যৰ পৰা হেকাৰে অনলাইনত আমাক ধন লুটাৰ কৌশল ৰচনা কৰে । কিন্তু আশ্চৰ্যকৰ বিষয় যে অনলাইনত ধন লুটা হেকাৰক সহায় কৰা ছুপাৰ হেকাৰ গোপনে বসবাস কৰি আছিল অসমৰ ৰঙিয়াত ।

এতিয়া আপোনাৰ জানিবলৈ মন যাব ছুপাৰ হেকাৰে কি কৰে ? আপোনাক সততে ধন লুটিবলৈ ফোন কৰা অনলাইন প্ৰৱঞ্চনা কৰিবলৈ চেষ্টা কৰা হেকাৰক ভুৱা আই পি এড্ৰেছ দিয়ে ছুপাৰ হেকাৰে । আমাৰ ৰাজ্যখনৰ এই দুই ছুপাৰ হেকাৰ সেই ঠিকনাই যোগান ধৰি আহিছিল হেকাৰে ।

ছুপাৰ হেকাৰ দুজনৰ এজনৰ নাম অংকুৰ ভৰালী আৰু আনজনৰ নাম নিপন ভৰালী । সম্পৰ্কত দুই ভাতৃ ৷ ৰঙিয়াৰ মিলনপুৰৰ বাসিন্দা । মিলনপুৰৰ বাসগৃহৰ পৰাই এই দুই ছুপাৰ হেকাৰে অনলাইন প্ৰৱঞ্চকক দি আহিছিল ভুৱা এড্ৰেছ দেখুওৱাৰ সুবিধা । ভুৱা আই পি এড্ৰেছনো কি ? আই পি এড্ৰেছ হৈছে ইন্টাৰনেট প্ৰট'কল এড্ৰেছ । যাৰ দ্বাৰা ইন্টাৰনেট ব্যৱহাৰকাৰী লোকেশ্যন গম পাব পাৰি আই পি এড্ৰেছৰ পৰা । এই আই পি এড্ৰেছেই বেলেগ দেশ বা বেলেগ বেলেগ ৰাজ্যত দেখুৱাই দিয়ে ছুপাৰ হেকাৰে (Two hackers arrested by police at Rangia)।

ইয়াৰ বাবে ব্যৱহাৰ কৰা হয় লছ এঞ্জেলছৰ চাৰ্ভাৰত প্ৰস্তুত কৰা VPN (ভিপিএন) । ভিপিএন হৈছে ভাৰ্চুৱেল প্ৰাইভেট নেটৱৰ্ক (Virtual Private Network) আৰু এই ভাৰ্চুৱেল প্ৰাইভেট নেটৱৰ্কৰ দ্বাৰা একো একোজন অনলাইন প্ৰৱঞ্চকে কেতিয়াবা যদি তেওঁলোকৰ লোকেচন মুম্বাই দেখুৱাই কেতিয়াবা দেখুৱাই দিল্লী অথবা কেতিয়াবা কেৰালা । এই সুবিধাটোৱে কৰি দিছিল ৰঙিয়াৰ মিলনপুৰৰ এই দুই ভাতৃ অংকুৰ আৰু নিপনে ।

এনেকৈ ছুপাৰ হেকাৰেৰ ৰূপত কাম কৰিয়ে এই দুই ভাতৃয়ে ৰাজ্যৰ বিভিন্ন প্ৰান্তত সম্পত্তি ক্ৰয় কৰা বুলিও স্থানীয় লোকসকলে জানিবলৈ দিয়ে । প্ৰাণী বিজ্ঞানৰ দুই ভাতৃৰ এই ভয়ানক কাৰবাৰক লৈ চোৰাংচোৱাৰ প্ৰতিবেদনৰ ভিত্তিত ৰঙিয়া আৰক্ষীয়ে অভিযান চলায় গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে দুই হেকাৰক ।

ছুপাৰ হেকাৰৰ ৰূপত দেশ বিদেশৰ হেকাৰৰ সহায়কাৰী হৈ দুয়োজনে কোটিৰ ঘৰত ধন উপাৰ্জন কৰিছিল আন্তঃৰাষ্ট্ৰীয় ইন্টাৰনেট জগতৰ পৰা । হেকাৰক সহায় কৰা ছুপাৰ হেকাৰ ৰঙিয়াত ওলোৱাৰ পাছতে বিষয়টোৱে চৰ্চা লাভ কৰিবলৈ সক্ষম হৈছে সমগ্ৰ দেশত । আৰক্ষীয়ে জানিবলৈ দিয়া মতে এই VPN অৰ্থাৎ ভাৰ্চুৱেল প্ৰাইভেট নেটৱৰ্ক ব্যৱহাৰ কৰিয়ে অনলাইন ফ্ৰডে নিজৰ পৰিচয় আৰু নিজৰ ঠিকনা লুকুৱাই সংঘটিত কৰি আহিছিল বহু চাইবাৰ অপৰাধ । আৰু এইবাৰ এনে অপৰাধৰে মাষ্টাৰ মাইণ্ড হৈ পৰা ছুপাৰ হেকাৰক কৰায়ত্ত কৰিবলৈ সক্ষম হয় অসম আৰক্ষী ।

লগতে পঢ়ক: Assam assembly winter session: বিধানসভাৰ অধিবেশনৰ অন্তিম দিনা গৃহীত কৰা হ’ল কেইবাখনো বিধেয়ক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.