কামৰূপ, 14 নৱেম্বৰ: অসম-মেঘালয় সীমান্তৱৰ্তী পশ্চিম মানিকপুৰত বৃহস্পতিবাৰে মৃত্যুক সাৱটি লয় দুটাকৈ বন্যহস্তীয়ে ৷ গোৱালপাৰাত লাডেন ওৰফে কৃষ্ণক ট্ৰেংকুলাইজ কৰাৰ পিছত এইবাৰ দক্ষিণ কামৰূপৰ পশ্চিম মানিকপুৰত দুটাকৈ বন্যহস্তীৰ মৃত্যু। ৰাজ্যত হস্তী মানুহৰ সংঘাত অব্যাহত থকাৰ মাজতেই বিভিন্ন প্ৰান্তত হাতী-মানুহৰ সংঘাতৰ ফলত বহু লোকৰ মৃত্যু হোৱাৰ লগতে বহু বন্যহস্তীয়েও প্ৰাণ হেৰুৱাবলগীয়া হৈছে । তাৰে এক অনুৰূপ ঘটনা সংঘটিত হয় দক্ষিণ কামৰূপৰ পশ্চিম মানিকপুৰত ৷ খাদ্যৰ সন্ধানত বনাঞ্চলৰ পৰা ওলাই আহি মৃত্যুক সাৱটিলে দুটাকৈ বন্যহস্তীয়ে ৷ মৃত্যু হোৱা হাতী দুটাৰ এটা বয়স্ক মাইকী হাতী হোৱাৰ বিপৰীতে এটা মতা হাতী ৷
প্ৰায় 20 বছৰীয়া মাতৃৰ লগতে প্ৰায় 3 বছৰীয়া হাতী পোৱালীটোৰ মৃত্যুৰ কোনো কাৰণ জানিব পৰা হোৱা নাই যদিও মৰণোত্তৰ পৰীক্ষাৰ পিছতহে মৃত্যুৰ কাৰণ জানিব পৰা যাব। অসম-মেঘালয় সীমান্তৱৰ্তী এই পশ্চিম মানিকপুৰত মৃত্যু হোৱা হাতী দুটাই সমগ্ৰ অঞ্চলতে শোকৰ ছাঁ পেলাইছে ।
লগতে চাওক-HDFC বেংকৰ 15 বছৰঃ অসমত 100 টালৈ শাখা বৃদ্ধিৰ লক্ষ্য