ৰঙিয়া, 18 মে': লক ডাউনৰ সময়ছোৱাৰ মাজতো ৰঙিয়া আৰক্ষীয়ে অব্যাহত ৰাখিছে ড্ৰাগছ বিৰোধী অভিযান ৷ দেওবাৰে নিশা প্ৰায় 8 মান বজাত এক গোপন সূত্ৰৰ পম খেদি ৰঙিয়া মহকুমা আৰক্ষী বিষয়াৰ নেতৃত্বত যোৱা আৰক্ষীৰ এটা দলে ৰঙিয়াৰ বালাগাঁৱৰ পৰা আটক কৰে দুই ড্ৰাগছ ব্যৱসায়ীক ৷ লগতে যুৱক দুজনৰ পৰা ড্ৰাগছ আৰু নগদ ধন সহ এখন বিলাসী বাহন জব্দ কৰে অভিযানকাৰী দলটোৱে ৷ আটকাধীন যুৱক দুজন ৰঙিয়াৰ বালাগাঁৱৰ ময়ুৰ ৰহমান আৰু দহৰাৰ চাইদুল ইছলাম বুলি জানিবলৈ দিছে আৰক্ষীয়ে ৷
অভিযানকাৰী দলটোৱে আটকাধীন দুই যুৱকৰ পৰা উদ্ধাৰ কৰে 450 গ্ৰাম আফিং, 7 গ্ৰাম সন্দেহযুক্ত হিৰ'ইন আৰু 6 হাজাৰ টকা নগদ ধন ৷ ইয়াৰ ওপৰিও দলটোৱে জব্দ কৰে AS ০১ DT 1556 KUV ১০০ নম্বৰৰ এখন গাড়ী ৷ উল্লেখযোগ্য যে ৰঙিয়া মহকুমাৰ আৰক্ষী বিষয়া কংকনজোতি নাথ আৰু ৰঙিয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া প্ৰাঞ্জল বৰুৱাৰ নেতৃত্বত কিছুদিনৰ পৰা চলি থকা অভিযানত আটক হৈছে কেইবাজনো ড্ৰাগছ সৰবৰাহকাৰী ৷
লগতে পঢ়কঃ ৰৌ-বৰালি কোনো সাৰি যাব নোৱাৰেঃ অতুল বৰা