ETV Bharat / state

আৰক্ষীৰ জালত 104 গ্ৰাম ড্ৰাগছ সহ দুই সৰবৰাহকাৰী - অসম আৰক্ষী

ৰঙিয়া আৰক্ষীয়ে ড্ৰাগছৰ বিৰুদ্ধে এক অভিযান চলাই দুই সৰবৰাহকাৰী আটক কৰে ৷ এই অভিযান চলোৱা হৈছিল ৰঙিয়াৰ বালাগাঁৱৰ সমীপৰ 31 ৰাষ্ট্ৰীয় ঘাইপথত ৷

drugs padler arrest
দুই সৰবৰাহকাৰী সহ 104 গ্ৰাম ড্ৰাগছ জব্দ ৰঙিয়া আৰক্ষীৰ
author img

By

Published : Jul 9, 2021, 9:31 PM IST

ৰঙিয়া, 9 জুলাই : নিষিদ্ধ ড্ৰাগছৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে কামৰূপ জিলাৰ ৰঙিয়া আৰক্ষীয়ে ৷ শুকুৰবাৰেও এক গোপন সূত্ৰৰ পম খেদি এক অভিযান চলাই ৰঙিয়া আৰক্ষীয়ে ৷ এই অভিযান চলোৱা হৈছিল ৰঙিয়াৰ বালাগাঁৱৰ সমীপৰ 31 ৰাষ্ট্ৰীয় ঘাইপথত ৷

আৰক্ষীৰ সূত্ৰই সদৰী কৰা মতে, ৰঙিয়াৰ বালাগাঁও অঞ্চলত এটা বৃহৎ ড্ৰাগছ সৰবাৰহ চক্ৰই ড্ৰাগছ সৰবাৰহ অব্যাহত ৰখাৰ তথ্য লাভ কৰিছিল ৷ অভিযান কালত দুই সৰবৰাহকাৰীক আটক কৰে আৰক্ষীয়ে ৷ দুই সৰবৰাহকাৰীৰ নাম ক্ৰমে কানিকুছিৰ আচিকুৰ ৰহমান আৰু কৰিয়াৰাৰ আলম আলী ৷

আৰক্ষীয়ে এই দুই সৰবাৰহকাৰীৰ পৰা প্ৰায় 108 গ্ৰাম ড্ৰাগছ জব্দ কৰে ৷ তদুপৰি এটা মবাইল ফোন আৰু এখন চাৰিচকীয়া বাহন জব্দ কৰিছে ৰঙিয়া আৰক্ষীয়ে ৷ ৰঙিয়া আৰক্ষীয়ে এই দুই সৰবাৰকাৰী দীৰ্ঘ দিনৰ পৰা ড্ৰাগছ সৰবৰাহৰ সৈতে জড়িত থকা সন্দেহ প্ৰকাশ কৰা লগতে জেৰা অব্যাহত ৰাখিছে ৷

দুই সৰবৰাহকাৰী সহ 104 গ্ৰাম ড্ৰাগছ জব্দ ৰঙিয়া আৰক্ষীৰ

কিছুদিন পূৰ্বে অসম আৰক্ষীৰ বিশেষ আৰক্ষী সঞ্চালক প্ৰধান জিপি সিঙে কৰা এক টুইটত প্ৰকাশ কৰা তথ্য অনুসৰি 10 মে’ 2021 ৰ পৰা 29 জুন 2021 লৈকে ৰাজ্যত 1,318,954,435.00 টকা মূল্যৰ অবৈধ নিচাজাতীয় সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হৈছে অসম আৰক্ষী ৷ নিচাজাতীয় সামগ্ৰী সৰবৰাহৰ লগত জড়িত লোকৰ বিৰুদ্ধে 723 টা গোচৰ ৰুজু কৰাৰ লগতে 1253 গৰাকী ব্যক্তিক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছে ৷

যোৱা দুমাহত অসম আৰক্ষীয়ে 16,728 কিলোগ্ৰাম হেৰ'ইন জব্দ কৰা লগতে গাঞ্জা জব্দ কৰিছে 6859.216 আৰু আফিঙৰ পৰিমাণ হৈছে 10,28027 কিলোগ্ৰাম ৷ টকাৰ হিচাপত যদি চোৱা যায় ড্ৰাগছ 334,559.800.00 টকা আৰু গাঞ্জা প্ৰায় 342,960,800.00 টকা আৰু আফিঙৰ মূল্য হ’ব প্ৰায় 5,140,135,00 টকা ৷

লগতে পঢ়ক: ৰাজ্যত দুমাহত জব্দ 1,318,954,435,00 টকা মূল্যৰ নিচাযুক্ত সামগ্ৰী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.