ছয়গাঁও, 28 আগষ্ট: ৰাজ্যত মুখ্যমন্ত্ৰী হিচাপে দ্বায়িত্ব ভাৰ গ্ৰহণ কৰিয়েই নিচাজাতীয় সামগ্ৰী প্ৰচলন আৰু সৰবৰাহ ৰাজ্যৰ পৰা নিৰ্মূল কৰিবৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছিল ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ মুখ্যমন্ত্ৰীৰ নিৰ্দেশ লাভ কৰিয়েই অসম আৰক্ষীয়ে ৰাজ্যজুৰি ড্ৰাগছকে ধৰি নিচাজাতীয় সামগ্ৰীৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে ৷
বিগত কিছু দিনত ৰাজ্যত কেইবা কোটি টকাৰ নিচাজাতীয় সামগ্ৰী জব্দ কৰিবলৈ সক্ষম হৈছে অসম আৰক্ষী ৷ ইয়াৰ লগতে জালত পৰিছে এই অবৈধ ব্যৱসায়ৰ লগত জড়িত বহু ৰথি-মহাৰথী ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ দৰে ড্ৰাগছ, মদ, গাঞ্জা, চোৰাং গৰুৰ বিৰুদ্ধে মাৰাথন অভিযান অব্যাহত ৰাখিছে ছয়গাঁও আৰক্ষীয়ে ৷
তাৰ মাজতে শুকুৰবাৰে নিশা ছয়গাঁও বজাৰত এক অভিযান চলাই ছয়গাঁও আৰক্ষীয়ে 116 টা বিলাতী সুৰাৰ বটল সহ জব্দ কৰাৰ লগতে দুজনকৈ লোকক আটক কৰিবলৈ সক্ষম হৈছে ৷ জানিব পৰা মতে, দীৰ্ঘদিন ধৰি ছয়গাঁৱৰ বিভিন্ন অঞ্চলত ব্যক্তি দুজনে ৰমৰমীয়াকৈ বিলাতী সুৰৰা ব্যৱসায় চলাই আহিছিল ৷
লগতে পঢ়কঃ জনা-নজনা : পুতলাৰ উপত্যকা হিচাপে পৰিচিত মনোমোহা এখন গাঁও
এক গোপন সূত্ৰৰ পমখেদি এই বিষয়ে জানিব পাৰি শুকুৰবাৰে নিশা ছয়গাঁও আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া কপিল পাঠকৰ নেতৃত্বত এটা দলে অভিযান আৰম্ভ কৰে ৷ ছয়গাঁও বজাৰৰ বাসিন্দা নৱজোতি ঠাকুৰীয়াৰ ঘৰৰ পৰা কেইবাটাও বিলাতী সুৰাৰ বটল জব্দ কৰাৰ লগতে নৱজ্যোতি ঠাকুৰীয়াক আটক কৰে অভিযানকাৰী আৰক্ষীৰ দলটোৱে ৷
আনহাতে বজাৰৰ আন এঠাইত বিলাতী সুৰাৰ ব্যৱসায় কৰি থকা ছয়গাঁও মাজপাৰাৰ অৰূপ দাসকো আটক কৰাৰ লগতে তেওঁৰ পৰাও বহু সংখ্যক সুৰাৰ বটল জব্দ কৰে আৰক্ষীয়ে ৷ আৰক্ষীয়ে জানিবলৈ দিয়া অনুসৰি জব্দ কৰা মুঠ ১১৬ টা সুৰাৰ বটলৰ ভিতৰত কেইবাটাও দামী সুৰাৰ বটল যাৰ মূল্য প্ৰায় ৪৬ হাজাৰ টকা ৷ আগন্তুক সময়তো এনেদৰে অবৈধ সুৰাৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিব বুলি জানিবলৈ দিছে ছয়গাঁও আৰক্ষীয়ে ৷
লগতে পঢ়কঃ অখিল গগৈৰ বাবে কংগ্ৰেছৰ দুৱাৰ সদায় খোলা আছে: জাকিৰ হুছেইন শিকদাৰ