ৰঙিয়া, 6 ছেপ্তেম্বৰঃ ৰঙিয়াৰ 31 নং ৰাষ্ট্ৰীয়ঘইপথত হঠাৎ আগ্নিদগ্ধ হয় এখন ট্ৰাক ৷ গুৱাহাটীৰ পৰা নলবাৰী অভিমূখে গৈ থকা অৱস্থাতে ৰঙিয়াৰ উদিয়ানাৰ ৰাজপথত দপদপাই জ্বলি উঠে ট্ৰাকখন ৷ চালক আৰু হেণ্ডিমেনে জ্বলন্ত ট্ৰাকখনৰ জপিয়াই পলায়ন কৰাৰ সন্দেহ কৰিছে স্থানীয় ৰাইজে ৷ ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনীৰ লোক উপস্থিত হৈ জুই নিৰ্বাপন কৰে যদিও সম্পূৰ্ণৰূপে ভষ্মীভূত হয় ট্ৰাকখন ৷ অগ্নিকাণ্ডটোৰ ফলত বহু সময়লৈ সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে নলবাৰী অভিমূখী ঘাইপথটো ৷
অৱশ্যে অগ্নিকাণ্ডটো কেনেদৰে সংঘটিত হ’ল সেই সন্দৰ্ভত কোনো তথ্য লাভ কৰিবলৈ সক্ষম হোৱা নাই আৰক্ষী ৷