ETV Bharat / state

প্ৰচণ্ড বিষ্ফোৰণত কঁপিল ৰঙিয়া - Transformer Blust at Rangia

প্ৰচণ্ড বিস্ফোৰণৰ শব্দত কঁপি উঠিল ৰঙিয়াৰ বিহাপাৰা অঞ্চল ৷ ৰঙিয়াৰ পৰা চালাকাটিলৈ যোৱা 220 কেভি বিদ্যুৎ পৰিবাহী তাঁৰ এজন লোকৰ ঘৰৰ চাদত ছিঙি পৰাত সমগ্ৰ অঞ্চলটোত সৃষ্টি হয় আতংকৰ ৷

প্ৰচণ্ড বিষ্ফোৰণত কঁপিল ৰঙিয়া
author img

By

Published : Sep 8, 2019, 6:51 AM IST

ৰঙিয়া, 08 চেপ্তেম্বৰঃ প্ৰচণ্ড বিস্ফোৰণৰ শব্দত কঁপি উঠিল ৰঙিয়াৰ বিহাপাৰা অঞ্চল ৷ কথমপি প্ৰাণ ৰক্ষা শতাধিক লোকৰ ৷ শনিবাৰে ৰঙিয়াৰ পৰা চালাকাটিলৈ যোৱা 220 কেভি বিদ্যুৎ পৰিবাহী তাঁৰ এজন লোকৰ ঘৰৰ চাদত ছিঙি পৰাত সমগ্ৰ অঞ্চলটোত সৃষ্টি হয় আতংকৰ ৷ মুহূৰ্ততে অঞ্চলটোত থকা ট্ৰেন্সফৰ্মাৰ বিকল হৈ পৰাৰ লগতে ধাননী পথাৰতো পৰিল হাইভল্টেজ বিদ্যুৎপৰিবাহী তাঁৰ ৷ লগে লগে আতংকিত হৈ পৰা গাঁওবাসীয়ে বিদ্যুৎ পৰিষদৰ কৰ্মচাৰীক খবৰ দিয়ে যদিও কোনো ধৰণৰ ঘটনাস্থলীত পলমকৈ উপস্থিত হোৱাৰ অভিযোগ উত্থাপিত হৈছে ৷ পৰ্ৰবতী সময়ত আৰক্ষীয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে যদিও বহু সময় ধৰি স্থানীয় ৰাইজে বিদ্যুৎ পৰিষদৰ কৰ্মচাৰীক ঘেৰাও কৰি প্ৰতিবাদ সাব্যস্ত কৰে ৷

Intro:প্ৰচণ্ড বিষ্ফোৰণত কপি উঠিল ৰঙিয়াৰ বিহাপাৰা অঞ্চলBody:প্ৰচণ্ড বিস্ফোৰণৰ শব্দত কঁপি উঠিল ৰঙিয়াৰ বিহাপাৰা অঞ্চল। অঞ্চলজুৰি আতংক । ৰাইজৰ মাজত হুৱাদুৱা।
কথমপি প্ৰান ৰক্ষা শতাধিক লোকৰ ।
ৰঙিয়াৰ পৰা চালাকাটিলৈ যোৱা ২২০ কেভি বিদ্যুতৰ তাঁৰ চিঙি পৰিল এঘৰৰ ঘৰৰ চাদত। কোনোমতে দৌৰি প্ৰান ৰক্ষা কৰিলা পাচজনীয়া পৰিয়ালটোৱে ।
বিকল হৈ পৰিল ট্ৰেন্সফৰ্মাৰ। ধানঁনি পথাৰতো পৰিল হাইভল্টেজ তাঁৰ ।
প্ৰচণ্ড বিস্ফোৰণৰ শব্দত কঁপি উঠিল সমগ্ৰ অঞ্চল। জ্বলি ছাই হল উচ্চক্ষমতাসম্পন্ন বিদ্যুৎ পৰিবাহী তাঁৰ ।
চৌদিশে লাগিল হুৱাদুৱা ।প্ৰান বচাবলৈ গাওঁবাসীৰ পলায়ন। বিদ্যুৎ বিভাগৰ কৰ্মচাৰীক খবৰ দিয়াৰ পাচতো সহাৰি নিদিয়াৰ অভিযোগ। বিদ্যুৎ বিভাগৰ কৰ্মচাৰীক ঘেৰাও কৰি ৰাইজৰ প্ৰতিবাদ। আৰক্ষী উপস্থিত হৈ পৰিস্থিতি কৰিলে নিয়ন্ত্ৰণ। অতি নিম্নমানৰ কাম কৰাৰ বাবে এনে ভয়াবহ ঘটনা ঘটাৰ অভিযোগ ৰাইজৰ। কৰবাত যদি বিদ্যুতৰ সঘন লুকাভাকুত ৰাইজ অতিস্থ ,কৰবাত আকৌ এনেদৰে চিঙি পৰিছে হাইভল্টেজ বিদ্যুৎ পৰিবাহী তাৰ ।
মুঠৰ ওপৰত বিদ্যুৎ বিভাগে এতিয়া জ্বলা কলা খুৱাইছে ৰাজ্যবাসীক ।Conclusion:বন্দনা শৰ্মা, ৰঙিয়া
ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.