ETV Bharat / state

পঞ্চায়তে নিৰ্মাণ কৰা আঁচনিয়ে উদঙালে জলসিঞ্চন বিভাগৰ ফোঁপোলা স্বৰূপ

author img

By

Published : Jul 21, 2021, 8:13 AM IST

কমলপুৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত ঔতলাত কেইবাখন গাঁৱক সামৰি কোটি কোটি টকা খৰচ কৰি নিৰ্মাণ কৰা হৈছিল এটা জলসিঞ্চন প্ৰকল্প ৷ কিন্তু সেই প্ৰকল্পটো বৰ্তমান পৰি ৰৈছে সম্পূৰ্ণ বিকল অৱস্থা ৷ নাপালে এটুপিও পানী কৃষক ৰাইজে ৷

Total lying irrigation project in Kamalpur, Rangia
জলসিঞ্চন বিভাগৰ পৰা নহয় এম.জি.এন.ৰেগাৰ পৰাহে উপকাৰ পাইছো !

ৰঙিয়া,22 জুলাই : ৰাজ্য চৰকাৰৰ এটা উল্লেখযোগ্য বিভাগ হৈছে জলসিঞ্চন বিভাগ । কিন্তু জলসিঞ্চন বিভাগটোৰ পৰা ৰাইজে আশানুৰূপ ফল লাভ কৰিবলৈ সক্ষম নোহোৱাৰ অভিযোগ দৈনিক বিভিন্ন সংবাদ মাধ্যমত পাই আহিছে ৷ ঠিক একেদৰে ৰঙিয়াৰ কমলপুৰ বিধানসভা সমষ্টিৰ ঔতলাত অৱস্থিত জলসিঞ্চন প্ৰকল্পটোৰো তথৈবচ অৱস্থা ৷

কমলপুৰ বিধানসভা সমষ্টিৰ ঔতলা গাঁৱকে আদি কৰি কেইবাখনো গাঁৱৰ কৃষক ৰাইজৰ সহায় হোৱাকৈ ২০১৫ চনতে নিৰ্মাণ কৰা হৈছিল এই জলসিঞ্চন প্ৰকল্পটো ৷ কিন্তু গাঁৱৰ ৰাইজে কৃষি কাৰ্যত ব্যৱহাৰ কৰিবলৈ এটুপিও পানী পোৱা নাই বুলি গুৰুতৰ অভিযোগ উত্থাপন কৰিছে । ফলত বহু সমস্যাৰ সন্মুখীন হ'বলগীয়া হৈছে কৃষক ৰাইজ ৷

উল্লেখযোগ্য যে, যোৱাতো বৰ্ষত হোৱা ভয়ংকৰ বান পৰিস্থিতিত জলসিঞ্চন প্ৰকল্পটোৰ এটা অংশ বানে উটুৱাই নিয়ে ৷ ফলত নৈ খনৰ সুঁতি সলনি হোৱাত সম্পূৰ্ণ বিকল হৈ পৰে জলসিঞ্চন প্ৰকল্পটো ৷ পূৰ্বতে এই প্ৰকল্পটোৰ পৰা কিছু সকাহ পাইছিল যদিও সেইখিনিৰ পৰাও একেবাৰে বঞ্চিত হ'বলগীয়া হয় কৃষক সকল ৷

আনহাতে, উক্ত বিষয়টো সন্দৰ্ভত পঞ্চায়ত কৰ্তৃপক্ষক অৱগত কৰে ৰাইজে ৷ পঞ্চায়ত সভানেত্ৰী আৰু বিধায়ক দিগন্ত কলিতাৰ নেতৃত্বত প্ৰায় ৯ লাখ টকা ব্যয় সাপেক্ষে এম.জি.এন.ৰেগা (MGNREGA)ৰ অধীনত নিৰ্মাণ কৰে অন্য এটা পানী যোগান আঁচনি ৷ এই আঁচনি খনৰ পৰা ৰাইজে বহু পৰিমানে সকাহ পাইছে বুলি সদৰি কৰে । ইতিমধ্যে এই আঁচনি খনৰ জড়িয়তে কৃষক ৰাইজে শালিধানৰ খেতি কৰিবলৈ যথেষ্ঠ সুবিধা পালে বুলি সাংবাদিকৰ আগত সদৰি কৰিছে ৷

এফালে জলসিঞ্চন বিভাগে কেইবা কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা এখন আঁচনি আনফালে এমজিএনৰেগাৰ জৰিয়তে নিৰ্মাণ কৰা অন্য এখন আঁচনি । দুয়োখন আঁচনিৰ লক্ষ্য কিন্তু একেটাই আছিল যদিও ৰাইজে সুফল লাভ কৰিবলৈ সক্ষম হৈছে গাঁও পঞ্চায়তে নিৰ্মাণ কৰি দিয়া আঁচনিখনৰ পৰাহে । ইয়াৰ ক্ষেত্ৰত পূৰ্বৰ বিজেপি চৰকাৰৰ খনৰ ৰঙিয়া সমষ্টিৰ বিধায়ক তথা জলসিঞ্চন মন্ত্ৰী আছিল ভৱেশ কলিতা ৷

জলসিঞ্চন মন্ত্ৰীগৰাকীৰ কাষৰীয়া সমষ্টিতে সম্পূৰ্ণ নহ'ল জলসিঞ্চন আঁচনিসমূহৰ কাম ৷ জলসিঞ্চন বিভাগটোত বিভিন্ন কেলংকাৰী হোৱা অথবা নিয়মবহিৰ্ভূতভাৱে ঠিকাদাৰে বহু আঁচনিৰ কাম কৰাৰো অভিযোগ উত্থাপন হৈছিল ৷ অন্য জিলা অথবা সমষ্টিৰ কথাটো দূৰৰে কথা ৷ ভৱেশ কলিতাৰ গৃহ জিলাতো জল সিঞ্চন বিভাগত যে সফল হ'ব পৰা নাছিল এইনে দৃশ্যই তাকে পোহৰলৈ আনিছে ৷

লগতে পঢ়ক-নাঙলৰ সীৰলুত উদ্ধাৰ কাঁহৰ বাতি....তাৰপিছত ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.