সন্ধিয়া 5 বজাৰ দহটা শীৰ্ষ বাতৰি:
ৰিপুণ বৰা আৰু ৰকিবুল হুছেইনে কংগ্ৰেছ দল ধ্বংস কৰিলে: ৰূপজ্যোতি কুৰ্মী
শুকুৰবাৰে বিধানসভাৰ সচিবালয়ত উপস্থিত হৈ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীৰ হাতত বিধায়কৰ পদত্যাগ পত্ৰ দাখিল কৰে ৰূপজ্যোতি কুৰ্মীয়ে ৷ বিধায়ক পদ ত্যাগ কৰাৰ লগতে তেওঁ একে সময়তে কংগ্ৰেছ দলৰ প্ৰাথমিক সদস্য পদৰ পৰাও ইস্তাফা দিয়ে ৷
গা ধুবলৈ গৈ সলিল সমাধি ঘটিল এজন কিশোৰৰ
দুলীয়াজানৰ টিপলিং নৈত গা ধুবলৈ গৈ কিশোৰৰ সলিল সমাধি ৷ কিশোৰজন দুলীয়াজানৰে মধুটিং চাহবাগিচাৰ বৰলাইনৰ ৰবি ওৰাঙৰ পুত্ৰ চনো ওৰাং ৷
ৰূপজ্যোতি কুৰ্মী এক সম্পদ: পীযুষ হাজৰিকা
চাৰিবাৰকৈ মৰিয়নী সমষ্টিৰ বিধায়ক হিচাপে নিৰ্বাচিত হোৱা ৰূপজ্যোতি কুৰ্মীৰ কংগ্ৰেছ দল ত্যাগ ৷ বিধায়কগৰাকীৰ পদত্যাগ সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ সংসদীয় পৰিক্ৰমা দপ্তৰৰ মন্ত্ৰী পীযুষ হাজৰিকাৰ ৷ ৰূপজ্যোতি কুৰ্মীৰ কংগ্ৰেছ ত্যাগক কংগ্ৰেছ দলটোৰ বাবে বৃহৎ ক্ষতি আখ্যা দিলে হাজৰিকাই ৷
ভাৰত শান্তিৰ পূজাৰী যদিও অনুপ্ৰৱেশ সহ্য নকৰে: ৰাজনাথ সিং
"ভাৰতে কোনো চুবুৰীয়া দেশৰ লগত শত্ৰুতা নকৰে আৰু যদি কোনোবাই কৰে, সেইয়া সহ্য কৰা নহ’ব ৷ ভাৰত শান্তিৰ পূজাৰী ৷ যদি কোনোবাই অনুপ্ৰৱেশ কৰিব বিচাৰে তাৰ ধৰণে উচিত প্ৰত্যুত্তৰ দিয়া হ'ব ৷" এই মন্তব্য দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙৰ ৷ বৃহস্পতিবাৰে অৰুণাচল প্ৰদেশৰ কিমিনৰ আই টি বি পি(ITBP)ৰ ১০ ম বেটেলিয়ানৰ মূখ্য কাৰ্যালয়ৰ পৰা ৰিমৰ্ট যুগে কিমিন-পতিং, এপ্ৰচ ৰোড লোহিত, বালিপৰা-চাৰিদুৱাৰ, টাৱাঙকে ধৰি মুঠ 12 টা সীমান্তৰ পথ দেশৰ নামত উচৰ্গা কৰি এইদৰে মন্তব্য কৰে দেশৰ প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ৷ ইয়াৰ ভিতৰত 10 টা সীমান্ত পথ অৰুণাচল প্ৰদেশৰ, 1 টা লাডাখ আৰু আনটো জম্মু -কাশ্মীৰৰ ৷ বৃহস্পতিবাৰে কিমিনৰ 20 কিলোমিটাৰ দৈঘ্যৰ বৰ্ডাৰ ৰোডছে নিৰ্মাণ কৰা পথটো নিজ হাতে ফিটা কাটি মুকলি কৰে প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে ৷ ইয়াৰ পাছতে ভাষণ প্ৰসংগত সিঙে কয় যে,উত্তৰ পূৰ্বাঞ্চলক প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নিৰ্দেশ মতে প্ৰতি মাহে এজন কেন্দ্ৰীয় মন্ত্ৰীয়ে পৰিদৰ্শন কৰিব ৷ যাৰ বাবে আজিৰ সময়ত এই উন্নয়ন সাধন কৰিব পৰা গৈছে আৰু বৰ্ডাৰ ৰোডছে সমগ্ৰ ভাৰতৰ লগতে উত্তৰ পূৰ্বাঞ্চলৰ অৰুণাচল প্ৰদেশৰ বহুতো পথ সুগম কৰি তুলিছে ৷ উক্ত অনুষ্ঠানত উপস্থিত থাকে কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰী কিৰেন ৰিজিজু, অসমৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা, অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু আৰু চিফ অৱ ডিফেঞ্চ ষ্টাফ বিপিন ৰাৱাট ৷
আৰক্ষীৰ জিম্মাতে আচামীৰ মৃত্যুৰ অভিযোগ
আইন ৰক্ষকৰ হাতত প্ৰাণ গ'ল অভিযুক্তৰ । গোলাঘাটত মাৰপিটৰ ঘটনাৰ লগত জড়িত অভিযুক্ত আচামীক আৰক্ষীৰ থানাত অকথ্য নিৰ্যাতন চলাই হত্যা কৰাৰ অভিযোগ পত্নীৰ ।
আনন্দ মিশ্রৰ বিৰুদ্ধে আৰম্ভ হৈছে ষড়যন্ত্ৰ !
নগাঁৱত আৰক্ষী জোৱানৰ পৰা ড্ৰাগছ উদ্ধাৰ হোৱা ঘটনাৰ প্ৰকৃত ৰহস্য ফাদিল । আৰক্ষী অধীক্ষক আনন্দ মিশ্রৰ অনুসন্ধানত পোহৰলৈ আহিছে ভয়ংকৰ তথ্য। ড্ৰাগছ বিৰোধী অভিযান স্তব্ধ কৰিবলৈ নগাঁৱত কোনে কৰিছে ভয়ংকৰ ষড়যন্ত্ৰ। এই সন্দৰ্ভত ই টি ভি ভাৰতৰ এক exclusive প্ৰতিবেদন ৷
এইবাৰ মন্দিৰৰ ছাগলীত পৰিল চোৰৰ চকু
ৰঙিয়াৰ ঐতিহাসিক শ্মশান কালী মন্দিৰত ভক্তই এৰি দিয়া ছাগলী ভক্ষণ চোৰৰ দলৰ ৷ ৰাইজে হাতে-লোটে কৰায়ত্ত কৰিলে ৰুবুল দাস নামৰ এটা ছাগলী চোৰক
৷
পাছিঘাটত অসমৰ গাড়ী চালকক ধন দাবী অৰুণাচল আৰক্ষীৰ
চুবুৰীয়া ৰাজ্য অৰুণাচল(Arunachal pradesh)ত অসমৰ গাড়ী চালক সকল যে সুৰক্ষিত নহয় সেই অভিযোগ নতুন নহয় ৷ নিজৰ জীৱনক তুচ্ছ কৰি চুবুৰীয়া ৰাজ্যখনলৈ বিভিন্ন অত্যাৱশ্যকীয় সা-সামগ্ৰী কঢ়িয়াই নিয়া বাহনৰ চালক সকলক অৰুণাচলী দুৰ্বৃত্তই (goons from Arunachal) দাবী ধমকিৰে ধন কাঢ়ি লোৱা আৰু ধন নিদিলেই মাৰপিট কৰা ধটনা প্ৰায়েই চলি থাকে। কিন্তু, শেহতীয়াকৈ এই ধন দাবীত লিপ্ত হৈছে খোদ অৰুণাচল আৰক্ষী (Arunachal police ) । বিগত কিছুদিন পূৰ্বে পাছিঘাটত এজন চালকৰ পৰা দহ হাজাৰ টকা বিচাৰি টকা নোপোৱাত চালক জনক বেয়াকৈ মাৰপিট কৰাৰ ঘটনাক কেন্দ্ৰ কৰি ধেমাজি জিলা চালক সন্থাৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । ইতিমধ্যে, বিষয়টোৰ ওপৰত উচিত বিচাৰৰ দাবীত আৰক্ষীৰ ওচৰত চালক সন্থাই গোচৰ তৰিছে । ইয়াৰ লগতে, দোষী আৰক্ষী বিষয়াক চিনাক্ত কৰি শীঘ্ৰে ব্যৱস্থা গ্ৰহণ নকৰিলে জংগী আন্দোলনৰ ভাবুকি প্ৰদান কৰে চালক সন্থাই ৷
ক'ভিড 19: দেশত আক্ৰান্ত আৰু মৃত্যুৰ শেহতীয়া তথ্য
দেশত অব্যাহত আছে কৰ’ণা মহামাৰীৰ দ্বিতীয় ঢৌৰ সংহাৰ ৷ কৰ’ণাৰ ভয়াৱহতাৰ ফলত দেশৰ কেবাখনো ৰাজ্যত লকডাউন ঘোষণা কৰাৰ লগতে বহু ৰাজ্যত জাৰি কৰা হৈছে নৈশ সান্ধ্য আইন ৷ আহক চাওঁ দেশত ক‘ভিডত আক্ৰান্ত, মৃত্যু আৰু আৰোগ্য হোৱা লোকৰ শেহতীয়া তথ্য...
ৰাজ্যত পুনৰ ৪.১ প্ৰাব্যল্যৰ ভূমিকম্পৰ জোকাৰণি অনুভূত
ৰাজ্যত পুনৰ ভূমিকম্পৰ জোকাৰণি ৷ ৰিখতাৰ স্কেলত ইয়াৰ প্ৰাৱল্য আছিল ৪.১ ৷ ভূমিকম্পৰ অভিকেন্দ্ৰ শোণিতপুৰ জিলা ৷