ETV Bharat / state

দালাই লামাক ভাৰত ৰত্ন দিয়াৰ দাবী তিব্বত মুক্তি আন্দোলনৰ নেতাৰ

author img

By

Published : Nov 17, 2020, 7:51 PM IST

Updated : Nov 17, 2020, 8:10 PM IST

চীন নহয়,তিব্বতেই আছিল হাজাৰ-হাজাৰ বছৰ ধৰি ভাৰতৰ প্ৰকৃত অৰ্থাত প্ৰত্যক্ষ চুবুৰীয়া ৰাষ্ট্ৰ ৷ মংগলবাৰে তিব্বত মুক্তি আন্দোলন আৰু নিৰ্বাসিত তিব্বতী চৰকাৰৰ প্ৰতিনিধিবৰ্গই এখন সংবাদমেল সম্বোধন কৰি এই কথা উল্লেখ কৰে ৷

Tibetan Freedom fighter PC
তিব্বতৰ কথা চিন্তা কৰিব লাগে ভাৰতে

কামৰূপ, ১৭ নৱেম্বৰঃ বিগত কেবাটাও দশক ধৰি কমিনিউষ্ট স্বৈৰাচাৰী চীনৰ পৰা তিব্বতক স্বাধীন কৰাৰ বাবে গঠিত হোৱা তিব্বত মুক্তি আন্দোলন আৰু নিৰ্বাসিত তিব্বতী চৰকাৰৰ প্ৰতিনিধিবৰ্গই আজি গুৱাহাটী প্ৰেছ ক্লাবত এক সংবাদ মেল সম্বোধন কৰে । সংবাদ মেলত কমিনিউষ্ট চীনৰ স্বৈৰাচাৰিতা তথা ড্ৰকেনিয়ান দৃষ্টিভংগীৰ বিষয়ে সাংবাদিকৰ আগত বক্তব্য দাঙি ধৰে তিব্বত মুক্তি আন্দোলনৰ মূল গোট ভাৰতৰ প্ৰতিনিধি বৰ্গই ।

তিব্বতৰ কথা চিন্তা কৰিব লাগে ভাৰতে

সংবাদমেলত চীন নহয়, তিব্বতেই আছিল হাজাৰ-হাজাৰ বছৰ ধৰি ভাৰতৰ প্ৰকৃত অৰ্থাত প্ৰত্যক্ষ চুবুৰীয়া ৰাষ্ট্ৰ বুলি উল্লেখ কৰি তিব্বত মুক্তি আন্দোলনৰ মূল গোট ভাৰতৰ আঞ্চলিক আহ্বায়ক (অসম-মেঘালয়) সৌম্যদ্বীপ দত্তই কয় যে, সততে শুনিবলৈ অথবা আমাৰ একাংশ ব্যক্তিয়ে ‘ভাৰত-চীন সীমান্ত’ বুলি প্ৰায়েই কয় । অৰ্থাত চীন আমাৰ গাতে লাগি থকা চুবুৰীয়া ৰাষ্ট্ৰ । কিন্তু এই কথা মুঠেও শুদ্ধ নহয়, বৰঞ্চ ভীষণভাৱে শত্ৰুভাৱাপন্ন এক চুবুৰীয়া ৰাষ্ট্ৰহে চীন । ১৯৬২ চনত ভাৰতৰ ওপৰত আক্ৰমণ চলাই বহু লোকৰ প্ৰাণ কাঢ়িছিল চীনে । বৰ্তমানেও অৰুণাচল প্ৰদেশ, লাডাখ আৰু ছিকিমৰ ওপৰত মাজে-সময়ে বহু দাবী উত্থাপন কৰি আছে ।

অন্য এক খবৰৰ বাবে: অপেক্ষাৰ অন্ত:বুধবাৰে মুকলি হ'ব ডিব্ৰুগড়ৰ বাইপাছ

বিশেষকৈ লাডাখ আৰু অৰুণাচল এলেকাত সীমা লংঘনৰ দৰে বেআইনী কাৰ্যকলাপো চলি আছে । বিগত কিছু বছৰৰ পৰা চীনা সৈন্যৰ অতপালি যথেষ্ট পৰিমাণে বাঢ়িছে । মুঠতে ভাৰতৰ উত্তৰ-পূব সীমাক আগুৰি থকা এই চুবুৰীয়া ৰাষ্ট্ৰই বৰ্তমানেও ভাৰতৰ লগত এক বাণিজ্যিক সম্পৰ্ক চলাই গ’লেও সীমাৰ কাজিয়াৰ নিষ্পত্তিৰে বন্ধুত্ব স্থাপনৰ যে কোনো উদ্দেশ্য নাই সেই কথা দিনৰ পোহৰৰ দৰে স্পষ্ট । সেয়ে উত্তৰ-পশ্চিম সীমাত পাকিস্তানৰ শত্ৰুতা সহ্য কৰি থকাৰ দৰে উত্তৰ-পূবত চীনৰ আচৰণক লৈয়ো ভাৰতৰ সদায়েই আপত্তি । কিন্তু প্ৰায় ষাঠি বছৰ পূৰ্বেও ভাৰতৰ এই উত্তৰ-পশ্চিম সীমাত আছিল বিশ্বৰেই শান্তিপূৰ্ণ অঞ্চলসমূহৰ অন্যতম তিব্বত। তেতিয়া এই ভাৰত-চীন সীমান্ত নাছিল,আছিল ‘ভাৰত-তিব্বত সীমান্ত’। চীন নহয়,তিব্বতেই আছিল হাজাৰ হাজাৰ বছৰ ধৰি ভাৰতৰ প্ৰকৃত অৰ্থাত প্ৰত্যক্ষ চুবুৰীয়া স্বাধীন ৰাষ্ট্ৰ।

আনহাতে, তিব্বত মুক্তি আন্দোলনৰ মূল গোট ভাৰতৰ সমন্বয়ক আৰ কে ক্ৰিমে কয় যে, ১৯৫০ চনৰ পূৰ্বে প্ৰায় দুহেজাৰ বছৰৰো অধিক কাল ধৰি স্বাধীন তিব্বত আছিল ভাৰত আৰু চীনৰ দৰে দুখন ডাঙৰ দেশৰ মাজত থকা ‘বাফাৰ ষ্টেট’ অৰ্থাৎ ক্ষুদ্ৰ নিৰপেক্ষ ৰাষ্ট্ৰ আছিল । আধুনিক সময়ছোৱাত ১৯১৪ চনৰ ‘ছিমলা চুক্তি’ অনুসৰি ‘মেকমেহন লাইন’কে ধৰা হৈছিল ভাৰত আৰু তিব্বতৰ সীমাৰেখা । জন্মু-কাশ্মীৰৰ পৰা অৰুণাচল প্ৰদেশলৈকে ভাৰতৰ উত্তৰ-পূব সীমাত অতন্দ্ৰ প্ৰহৰীৰ দৰে থিয় দি থকা হিমালয় পৰ্বতমালাৰ সিপিঠিতে আছে তিব্বত । তিব্বতৰ সিপাৰেহে আছিল চীন দেশ। কিন্তু আগ্ৰাসী স্বৈৰাচাৰী চীনে শান্তিপূৰ্ণ এই দেশখনক আজি পৰ্যন্ত বিভিন্ন চলনাৰে পৰাধীন কৰি ৰাখিছে। তিব্বতৰ পৰা ওলোৱা ব্ৰহ্মপুত্ৰকে ধৰি বহু নদ-নদী আদিৰ ওপৰত চীনে অধিকাৰ সাব্যস্ত কৰি প্ৰকৃতিৰ উপাদান সমূহক কলুষিত কৰি আমাৰ ভৱিষ্যত প্ৰজন্মক পংগু কৰিব বিচাৰিছে । গতিকে ভাৰত চৰকাৰেও এইক্ষেত্ৰত দৃষ্টি দিব লাগে বুলি একাংশই মত পোষণ কৰে ।

অন্য এক খবৰৰ বাবে: 60হাজাৰ টকাত বিক্ৰী লামডিং বনাঞ্চলৰ মাটি!

ইফালে, শান্তিৰ পূজাৰী ভাৰতবৰ্ষৰ প্ৰিয় ব্যক্তি দালাই লামাক ভাৰতৰ শ্ৰেষ্ঠ বঁটা ভাৰত ৰত্নেৰে সন্মানিত কৰিব লাগে বুলি সমন্বয়ক আৰ কে ক্ৰিয়ে ভাৰত চৰকাৰক আহ্বান জনায় । আজিৰ সংবাদমেলত তিব্বত মুক্তি আন্দোলনৰ মূল গোট-ভাৰতৰ সুৰেন্দ্ৰ কুমাৰ, টেমা ৱাংদাকে ধৰি কেবাগৰাকীও নেতৃস্থানীয় ব্যক্তি উপস্থিত থাকে ।

Last Updated : Nov 17, 2020, 8:10 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.