গুৱাহাটী,21 আগষ্ট: মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশমৰ্মে ৰাজ্যত ড্ৰাগছ বিৰোধী অভিযান তীব্ৰতৰ কৰি তুলিছে অসম আৰক্ষীয়ে ৷ নিষিদ্ধ ড্ৰাগছৰ কলা বেহা উৎখাট কৰাৰ লক্ষ্যৰে ৰাজ্যৰ ভিন্ন প্ৰান্তত আৰক্ষীয়ে প্ৰতিদিনে অভিযান চলাই আটক কৰিবলৈ সক্ষম হৈছে ড্ৰাগছ সৰবৰাহকাৰীক ৷ ইয়াৰ মাজতে ড্ৰাগছ বিৰোধী অভিযানৰ অংশ হিচাপে মহানগৰ আৰক্ষীয়ে শুকুৰবাৰে নিশা নুনমাটি অঞ্চলৰ পৰা আটক কৰিবলৈ সক্ষম হয় তিনিটা ড্ৰাগছ সৰবৰাহকাৰীক ৷
নুনমাটি আৰক্ষীৰ জালত পৰা ধৃত ড্ৰাগছ সৰবৰাহকাৰী কেইটা হৈছে মহম্মদ মোজামিল হুছেইন(41),নুনমাটি,মছজিদ পথ,মহম্মদ ৰেকীবুৰ ৰহমান(37),নুনমাটি, বিষ্ণু ৰাভা নগৰ আৰু মহম্মদ ৰেকীবুল আলী(36),কামৰূপ,বকো ৷ ধৃত সৰ্বৰাহকাৰী কেইজনৰ পৰা আৰক্ষীয়ে জব্দ কৰে বুজন পৰিমানৰ ড্ৰাগছ সহ 19 টাকৈ খালি কনটেইনাৰ, চিৰিঞ্জ, 4 টা ম'বাইল ফোন, এটা DSLR কেমেৰা সহ নগদ 54,350 টকা ৷
আৰক্ষী সূত্ৰৰ পৰা জানিব পৰা মতে, ধৃত ড্ৰাগছ সৰবৰাহকাৰী কেইটাই নুনমাটিৰ পৰা আৰক্ষীৰ চকুত ধূলি দি মহানগৰীৰ বিভিন্ন স্থানত সৰবৰাহ কৰি আহিছিল নিষিদ্ধ ড্ৰাগছ ৷
মন কৰিবলগীয়া যে,মুখ্যমন্ত্ৰী হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছতে অবৈধ নিচাজাতীয় সামগ্ৰী ড্ৰাগছ,গাঞ্জা আদিৰ বিৰুদ্ধে কঠোৰ হবলৈ অসম আৰক্ষীক নিৰ্দেশ প্ৰদান কৰিছিল ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ ইয়াৰ পাছতে সমগ্ৰ ৰাজ্যতে চলিছিল ড্ৰাগছ তথা নিচাজাতীয় সামগ্ৰী বিৰোধী অভিযান ৷ অভিযানত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা জব্দ কৰা হৈছিল কোটি কোটি টকাৰ ড্ৰাগছ,হেৰ'ইন, গাঞ্জাকে ধৰি অন্যান্য নিচাজাতীয় সামগ্ৰী ৷ অভিযানত আৰক্ষীৰ গুলীত আহত হৈছিল বহু ড্ৰাগছ সৰৱৰাহকাৰী ৷
লগতে পঢ়কঃ ৮৫ গৰাকী ভাৰতীয়ক লৈ কাবুলৰ পৰা ভাৰত অভিমুখে তৃতীয়খন বিমান
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা এইদৰে ড্ৰাগছকে ধৰি অন্যান্য নিচাজাতীয় সামগ্ৰী উদ্ধাৰ হোৱা পোহৰলৈ আনিছিল অসমত গোপনে অব্যাহত থকা ড্ৰাগছৰ ক'লা বেপাৰৰ ছবিখন ৷ যিয়ে চিন্তিত কৰিছিল অসমৰ সচেতন ৰাইজক ৷ ইয়াৰ পাছতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত জব্দ হোৱা এই নিচাজাতীয় সামগ্ৰী সমূহ জিলাই জিলাই নষ্ট কৰা এক অভিযান আৰম্ভ কৰিছিল মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাই ৷ জিলাই জিলাই জ্বলাই দিয়া হৈছিল মাৰাত্মক ড্ৰাগছ, হেৰ'ইন আৰু গাঞ্জা আদি ৷
কিন্তু ইমানৰ পাছতো যেন গা-লৰা নাই একাংশ ড্ৰাগছ সৰৱৰাহকাৰীৰ ৷ অসম আৰক্ষীৰ কঠোৰ নিৰাপত্তা বেষ্টনীৰ মাজতো ড্ৰাগছ তথা অন্যান্য নিচাজাতীয় সামগ্ৰীৰ সৰৱৰাহ কৰাৰ চেষ্টা অব্যাহত ৰাখিছে একাংশ ড্ৰাগছ ব্যৱসায়ীয়ে ৷