ETV Bharat / state

আচলপাৰা কাণ্ডৰ লগত জড়িত আন তিনিজনক গ্ৰেপ্তাৰ ছয়গাঁও আৰক্ষীৰ

author img

By

Published : Jun 10, 2019, 1:24 PM IST

গৰৈমাৰীৰ আচলপাৰা কাণ্ডত 9 জুনৰ পুৱা দুজন লোকক আটক কৰাৰ পিচতে আজি পুৱা আৰক্ষীয়ে পুনৰ তিনিজন লোকক আটক কৰে ৷

আচলপাৰা কাণ্ডৰ লগত জড়িত আন তিনিজনক গ্ৰেপ্তাৰ ছয়গাঁও আৰক্ষীৰ

কামৰূপ,10 জুন : কামৰূপ জিলাৰ ছয়গাঁৱৰ গৰৈমাৰীৰ আচলপাৰাত সংঘটিত,শিল্পীক লৈ চলা কাণ্ডটোৰ লগত জড়িত থকাৰ অভিযোগত আজি পুৱা ছয়গাঁও আৰক্ষীয়ে তিনিজন লোকক গ্ৰেপ্তাৰ কৰে ৷ ছয়গাঁও থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰূপম হাজৰিকাৰ নেতৃত্বত দেওবাৰে ওৰেটো নিশা গৰৈমাৰী অঞ্চলত অভিযান চলোৱাৰ অন্তত সোমবাৰে পুৱা প্ৰায় 5 বজাত আৰক্ষীয়ে বিভিন্ন অঞ্চলৰ পৰা অভিযুক্ত কেইজনক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷

গ্ৰেপ্তাৰ কৰা লোককেইজন কালাতলী পথাৰৰ নিজামুদ্দিন আৰু ভিতৰদৱাৰৰ ৰকমত আলী বুলি জানিব পৰা গৈছে ৷ আনহাতে আয়োজক সমিতিৰ হৈ শিল্পী দলক চুক্তিবদ্ধ কৰা সঞ্জয় চৌধুৰী নামৰ লোকজনকো আৰক্ষীয়ে সোধপোচৰ বাবে আটক কৰিছে ৷ বৰ্তমান তিনিওজনকে আৰক্ষীয়ে মাৰাথন জেৰা অব্যাহত ৰাখিছে ৷ উল্লেখ্য যে গৰৈমাৰীৰ আচলপাৰা কাণ্ডত 9 জুনৰ পুৱা দুজন লোকক আটক কৰাৰ পিচতে আজি পুৱা আৰক্ষীয়ে পুনৰ তিনিজন লোকক আটক কৰে ৷ এই পৰ্যন্ত আচলপাৰা ঘটনাৰ স'তে জড়িত থকাৰ অপৰাধত 5 জন লোকক গ্ৰেপ্তাৰ কৰা হয় ৷ ইপিনে জাতীয় সেনা অসমে,এই ঘটনাৰ লগত জড়িত লোকসকলক কৰায়ত্ত কৰি উচিত শাস্তিৰ দাবী জনাই ছয়গাঁও থানাত এখন এজাহাৰ দাখিল কৰে ৷

Intro:কামৰূপৰ ছয়গাঁৱৰ গৰৈমাৰীৰ আচলপাৰা কাণ্ডৰ আৰু তিনিজনক ছয়গাঁও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷Body:ছয়গাঁও ১০ জুন : কামৰূপ জিলাৰ ছয়গাঁৱৰ গৰৈমাৰীৰ আচলপাৰাত সংঘটিত শিল্পীক লৈ চলা কাণ্ডটোৰ লগত জৰিত থকাৰ অভিযোগত আজি নিচেই পুৱা ছয়গাঁও আৰক্ষীয়ে তিনিজন লোকক গ্ৰেপ্তাৰ কৰে ৷ ছয়গাঁও থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ৰূপম হাজৰিকাৰ নেতৃত্বত দেওবাৰৰ ওৰেটো নিশা গৰৈমাৰী অঞ্চলত অভিযান চলোৱাৰ অন্তত সোমবাৰে পুৱা প্ৰায় ৫ বজাত আৰক্ষীয়ে বিভিন্ন অঞ্চলৰ পৰা গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় ৷ গ্ৰেপ্তাৰ কৰা লোকজনৰ কালাতলী পথাৰৰ নিজামুদ্দিন আৰু ভিতৰদৱাৰৰ ৰকমত আলী ৷ আনহাতে আয়োজক সমিতিৰ হৈ শিল্পী দলক চুক্তিবদ্ধ কৰা সঞ্জয় চৌধুৰী নামৰ লোকজনকো আৰক্ষীয়ে সোধপোচৰ কাৰণে আটক কৰিছে ৷ বৰ্তমান তিনিওজনকে আৰক্ষীয়ে মাৰাথন জেৰা অব্যাহত ৰাখিছে ৷Conclusion:উল্লেখ্য যে গৰৈমাৰীৰ আচল পাৰা কাণ্ডত ৯ জুনৰ পুৱা দুজন লোকক আটক কৰাৰ পিচত সোমবাৰে পুৱা পুৱা তিনিজন লোকক আটক কৰে ৷ এই লৈ ঘটনাৰ সৈতে জৰিত থকাৰ অপৰাধত এতিয়ালৈকে ৫ জন লোকক গ্ৰেপ্তাৰ কৰা হয় ৷ আনহাতে এই ঘটনাৰ লগত জৰিত লোক সকলক কৰায়ত্ত কৰি উচিত শাস্তিৰ দাবী জনাই জাতীয় সেনা অসমে ছয়গাঁও থানাত এখন এজাহাৰ দাখিল কৰে ৷
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.