ETV Bharat / state

ভোটদান সাব্যস্ত কৰিলে বকোৰ দুই প্ৰাৰ্থী নন্দিতা-জ্যোতিপ্ৰসাদে - বিধায়িকা নন্দিতা দাস

ৰাজ্যৰ 12 খন জিলাৰ 40 টা সমষ্টিত অনুষ্ঠিত হৈছে তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷ মঙলবাৰে পুৱাৰে পৰা বকো সমষ্টিত ক'ভিড প্ৰট'কল আৰু কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে অনুষ্ঠিত হৈছে নিৰ্বাচন ৷ আনকি বকো সমষ্টিত থকা ৮ টা দূৰণিবটীয়া পাহাৰৰ ভোট কেন্দ্ৰটো আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷

third-phase-election-in-boko
ভোটদান সাব্যস্ত কৰিলে বকোৰ দুই প্ৰাৰ্থী নন্দিতা-জ্যোতিপ্ৰসাদে
author img

By

Published : Apr 6, 2021, 2:22 PM IST

বকো,6 এপ্ৰিল:ৰাজ্যৰ 12 খন জিলাৰ 40 টা সমষ্টিত অনুষ্ঠিত হৈছে তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷ মঙলবাৰে পুৱাৰে পৰা বকো সমষ্টিত ক'ভিড প্ৰট'কল আৰু কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজৰে অনুষ্ঠিত হৈছে নিৰ্বাচন ৷ আনকি বকো সমষ্টিত থকা ৮ টা দূৰণিবটীয়া পাহাৰৰ ভোট কেন্দ্ৰটো আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷

ভোটদান সাব্যস্ত কৰিলে বকোৰ দুই প্ৰাৰ্থী নন্দিতা-জ্যোতিপ্ৰসাদে

ইপিনে, পুৱাই আহি নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰে কংগ্ৰেছ মহাজোঁটৰ বকো সমষ্টিৰ প্ৰাৰ্থী তথা বিধায়িকা নন্দিতা দাস আৰু বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী জ্যোতিপ্ৰসাদ দাসে ৷ দুয়োগৰাকী প্ৰাৰ্থীয়ে সমষ্টিবাসী ৰাইজক লৈ আশাবাদী বুলি মন্তব্য কৰে ৷

ইয়াৰ উপৰি এইবাৰ বকোত ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ভিৰ কৰা দেখা পোৱা গ'ল নতুন ভোটাৰক ৷ সংবাদ মাধ্যমৰ জৰিয়তে নতুন ভোটাৰে আগন্তুক চৰকাৰক কৰ্ম সংস্থাপন তথা মূল্যবৃদ্ধি ৰোধৰ বাবে আহ্বান জনায় ৷

লগতে পঢ়ক:তৃতীয় পৰ্যায়ত 79,19,641 গৰাকী ভোটাৰে নিৰ্ণয় কৰিব 337 গৰাকী প্ৰাৰ্থীৰ ভাগ্য

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.