ETV Bharat / state

চানডুবি উৎসৱৰ তৃতীয় দিন, থলুৱা সামগ্ৰীৰে ভৰিছে উৎসৱস্থলী - New year Festival

Chandubi Festival: ১৮৯৭ চনৰ ১২ জুনৰ সন্ধিয়া বৰভূইকঁপৰ ফলত সৃষ্টি হোৱা চানডুবিৰ পাৰত বিগত বছৰবোৰৰ দৰে এই বছৰো আয়োজন কৰা হৈছে চতুৰ্দশ চানডুবি উৎসৱ । আজি চানডুবি উৎসৱ তৃতীয় দিন । তৃতীয়দিনাও লোকাৰণ্য হৈ পৰিছে চানডুবিৰ পাৰ ।

Third day of Chandubi Festival
চানডুবি উৎসৱৰ তৃতীয় দিন, থলুৱা সামগ্ৰীৰে ভৰিছে উৎসৱস্থলী
author img

By ETV Bharat Assamese Team

Published : Jan 3, 2024, 4:47 PM IST

চানডুবি উৎসৱৰ তৃতীয় দিন, থলুৱা সামগ্ৰীৰে ভৰিছে উৎসৱস্থলী

মিৰ্জা,৩ ডিচেম্বৰ: উখল-মাখল চানডুবি উৎসৱৰ বাকৰি । আজি চানডুবি উৎসৱৰ তৃতীয় দিন । তৃতীয়দিনাও লোকাৰণ্য হৈ পৰিছে চানডুবিৰ পাৰ । থলুৱা খাদ্যসম্ভাৰ, পৰম্পৰাগত সাজ-পোছাক আদিৰে ভৰি পৰিছে চানডুবি উৎসৱৰ বিপণিসমূহ । প্ৰদৰ্শন কৰা হৈছে বিভিন্ন থলুৱা কলা-কৃষ্টি, খাদ্যসম্ভাৰ, সাজপাৰৰ লগতে নৌকা বিহাৰ, হস্তী আৰোহণ, টঙীঘৰ আৰোহণ আদিকে ধৰি বিভিন্ন জনজাতীয় লোক পৰম্পৰা ।

ভিৰ হৈছে উৎসৱস্থলীত পৰ্যটকক আকৰ্ষণ কৰিবলৈ বাঁহ-বেতেৰে নিৰ্মাণ কৰা বিভিন্ন আকৰ্ষণীয় গৃহসমূহত । পোৰা গাহৰিৰ পৰা কচু, ঢেঁকীয়ালৈকে, বগেজাৰীৰ পৰা বাগুৰুম্বালৈকে জনজাতীয় লোকসকলৰ যেন সকলো দিশ উদ্ভাসিত হৈ পৰিছে চানডুবি উৎসৱস্থলীত । এককথাত উদুলি-মুদুলি পৰিৱেশে বিৰাজ কৰিছে উৎসৱস্থলীত ।

উল্লেখ্য যে, ১৮৯৭ চনৰ ১২ জুনৰ সন্ধিয়া বৰভূইকঁপৰ ফলত সৃষ্টি হৈছিল মনোৰম চানডুবি বিল আৰু এই চানডুবিৰ পাৰতেই প্ৰতিবছৰে উদযাপন হৈ আহিছে চানডুবি উৎসৱ । বিগত বছৰবোৰৰ দৰে সমাগত নতুন বৰ্ষৰ পহিলা জানুৱাৰীৰ পৰা পাঁচদিনীয়াকৈ আৰম্ভ হৈছে চতুৰ্দশ চানডুবি উৎসৱ । চানডুবিৰ জৈৱ বৈচিত্ৰ সংৰক্ষণ কৰাৰ উদ্দেশ্যেৰে বৰদুৱাৰ ভোলাগাঁও আঞ্চলিক ৰাভা ছাত্ৰ সন্থাই অনুষ্ঠিত কৰি আহিছে চানডুবি উৎসৱ ।

প্ৰকৃতিৰ ৰম্যভূমি চানডুবিত প্ৰতিবছৰে ভিৰ কৰে বহু বনভোজৰ দলে । চানডুবিৰ নৈসৰ্গিক পৰিৱেশত আপোনপাহৰা হয় সকলো । চানডুবি বিলত নৌকা বিহাৰৰ আনন্দ উপভোগ কৰিবলৈ ঢপলিয়াই আহে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ লোক । পিছে সৌন্দৰ্যৰে ভৰপূৰ চানডুবি বৰ্তমান সংকটৰ গৰাহত আৰু এই সংকটৰ পৰা মুক্ত কৰিবলৈকে প্ৰতিবছৰে আয়োজন কৰি অহা হৈছে চানডুবি উৎসৱ ।

লগতে পঢ়ক: চানডুবি মহোৎসৱৰ আজি দ্বিতীয় দিন, লোকে লোকাৰণ্য মহোৎসৱস্থলী

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.