ৰঙিয়া, 3 জুলাই: ৰঙিয়াৰ ষ্টেট বেংক অব্ ইণ্ডিয়াৰ(Rangia SBI) এটিএম ভাঙি লণ্ডভণ্ড কৰিলে দুৰ্বৃত্তই (ATM theft at Rangia)। নিশা এটিএম ভাঙি লুটি নিলে বৃহৎ পৰিমানৰ ধন । ভাৰত-ভূটান আন্তঃৰাষ্ট্ৰীয় ঘাইপথৰ ৰঙিয়াৰ তিনিআলিত সংঘটিত হয় এই চাঞ্চল্যকৰ ঘটনা ।
জানিব পৰামতে, শনিবাৰে সন্ধিয়াৰ ভাগত ধন জমা কৰিছিল এচবিআই কৰ্তৃপক্ষই । বৰ্তমান আৰক্ষীয়ে চিল কৰি দিছে এটিএমটো । ঘটনাৰ অনুসন্ধানৰ বাবে গুৱাহাটীৰ পৰা চিআইডিৰ দল উপস্থিত হৈছে । অনুসৰি নিশা প্ৰায় ২.৫১ ত চোৰৰ দল সোমাইছিল এটিএমটোত । দুৰ্বৃত্তৰ দলে ১ ঘণ্টা ধৰি টকা লুটিবলৈ চেষ্টা কৰিছিল এটিএমটোত । ঘটনাটো অৱগত হোৱাৰ বহু পলমকৈ আৰক্ষীক ঘটনাৰ বিষয়ে জনাইছিল বেংক কৰ্তৃপক্ষই ।
ধন ভৰোৱাৰ দায়িত্বত আছিল FIS নামৰ এটা চিকিউৰিটি প্ৰতিস্থান । বৃহৎ পৰিমাণৰ ধন ভৰোৱা হৈছিল এটিএমটোত । এই ঘটনাত আন্তঃৰাষ্ট্ৰীয় চক্ৰ জড়িত থকাৰ সন্দেহ প্ৰকাশ কৰিছে আৰক্ষীয়ে । চি আই ডি ৰ দল উপস্থিত হৈ চলাইছে অনুসন্ধান । ৬ বছৰ পিছত ৰঙিয়াত এটিএম লুটৰ ঘটনা পুনৰাবৃত্তি হৈছে । এই ঘটনাই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে সমগ্ৰ ৰঙিয়াত ।
লগতে পঢ়ক: ভাৰতত অনুপ্ৰৱেশৰ বাবে সাজু হৈ আছে ২০০ ৰো অধিক সন্ত্ৰাসবাদী