ETV Bharat / state

বাইহাটা চাৰিআলিত ছাত্ৰীৰ পৰা কাঢ়ি নিলে 60 হাজাৰ টকা

author img

By

Published : Feb 29, 2020, 8:46 PM IST

বাইবাটা চাৰিআলিত অঘটন ৷ এগৰাকী ছাত্ৰীৰ পৰা দুৰ্বৃত্তই লুটি নিলে 60 হাজাৰ টকা ৷

ETV BHARAT
বাইহাটা চাৰিআলিত ছাত্ৰীৰ পৰা কাঢ়ি নিলে 60 হাজাৰ টকা

বাইহাটা চাৰিআলি,29 ফেব্ৰুৱাৰীঃ বাইহাটা চাৰিআলিত অব্যাহত আছে চিলনী চোৰৰ সন্ত্ৰাস । এগৰাকী ছাত্ৰীৰ পৰা চোৰে কাঢ়ি নিলে ৬০ হাজাৰ টকা ৷ বাইহাটা চাৰিআলিত চিলনী চোৰৰ সন্ত্ৰাসৰ বলি হ'ল এগৰাকী ছাত্ৰী । কলেজৰ পৰা ঘৰলৈ ওভতাৰ পথত বাইহাটা চাৰিআলিস্থিত এছ বি আইৰ শাখাৰ পৰা উলিয়াই আনিছিল ৬০ হাজাৰ টকা । কিন্তু বেংকৰ পৰা ধন খিনি উলিয়াই আহি থকা অৱস্থাতে পুলিচ পইন্টৰ ওচৰত চিলনী চোৰৰ দুজনীয়া দল এটাই ছাত্ৰী গৰাকীৰ পৰা টকাৰ বেগটো কাঢ়ি লৈ যায় । মটৰ চাইকেলত অহা চিলনী চোৰে টকাৰ বেগটো টনা আজোৰা কৰোতে ছাত্ৰী গৰাকী আঘাটপ্ৰাপ্ত হয় । আনফালে চিলনী চোৰ কেইটাই টকাৰ বেগটো কাঢ়ি লৈ তীব্ৰবেগে ৰঙিয়া অভিমুখে পলাই যায় । ঘটনা সম্পৰ্কত ছাত্ৰী গৰাকীয়ে বাইহাটা চাৰিআলিৰ আৰক্ষীক অৱগত কৰে ৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ তদন্ত আৰম্ভ কৰে যদিও এতিয়ালৈ চিলনী চোৰৰ কোনো শুংসুত্ৰ উলিয়াব পৰা নাই ৷

লগতে চাওকঃ

ডিফুত ভয়ংকৰ অগ্নিকাণ্ডঃ জাহ গ'ল কেবালক্ষাধিক টকাৰ সম্পত্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.