ETV Bharat / state

আৰক্ষীৰ জালত দুৰ্ধৰ্ষ ট্ৰাক চোৰ - গোৱালপাৰা

চাংসাৰিৰ সিন্দুৰীঘোপাৰ পৰা নিৰুদ্দেশ হোৱা এখন ট্ৰাক আৰক্ষীয়ে উদ্ধাৰ কৰে গোৱালপাৰাত ৷ লগতে আটক কৰে এই চুৰিত জড়়িত বঙাইগাঁৱৰ ফুলবৰ আলীক ৷ আলীয়ে চুৰি হোৱা ট্ৰাকখনৰ চালকৰূপে কৰ্মৰত আছিল ৷

Thief caught in changsari kamrup assam etv bharat news
আৰক্ষীৰ জালত ট্ৰাক চুৰিৰ নায়ক
author img

By

Published : Sep 24, 2020, 1:10 PM IST

বাইহাটা,24 ছেপ্টেম্বৰ : চাংসাৰি আৰক্ষীৰ জালত পৰিছে এটা গাড়ী চুৰি চক্ৰৰ সৈতে জড়িত এজন ব্যক্তি ৷ বিগত তিনি ছেপ্টেম্বৰত গ’ল্ডেন ট্ৰান্সপ’ৰ্ট নামৰ এটা কোম্পানীৰ এখন বিস্কুট কঢ়িওৱা ট্ৰাক চাংসাৰিৰ সমীপৱৰ্তী সিন্দুৰীঘোপাৰ পৰা নিৰুদ্দেশ হৈছিল ৷ বাহনখনৰ নিৰুদ্দেশ সন্দৰ্ভত স্বত্বাধিকাৰীয়ে চাংসাৰি আৰক্ষী থানাত ৰুজু কৰে এক গোচৰ ৷ এই গোচৰৰ ভিত্তিতে আৰক্ষীয়ে অভিযান চলাই কিছুসংখ্যক বিস্কুটৰ সৈতে ট্ৰাকখন উদ্ধাৰ কৰে গোৱালপাৰাৰ পৰা ৷ ট্ৰাকখন চুৰিৰ সৈতে কোনো দুষ্টচক্ৰ জড়িত থকাৰ সন্দেহত আৰক্ষীয়ে অব্যাহত ৰাখিছিল তদন্ত ৷

আৰক্ষীৰ জালত ট্ৰাক চুৰিৰ নায়ক

উক্ত তদন্তৰ ভিত্তিতে আৰক্ষীয়ে বঙাইগাঁও জিলাৰ বিদ্যাপুৰ আৰক্ষী চকীৰ অন্তৰ্গত ভিতৰ চেঙামাৰী গাঁৱৰ ফুলবৰ আলীক কৰায়ত্ত কৰে ৷ আটকাধীন ফুলবৰে বিস্কুট কঢ়িওৱা ট্ৰাকখনৰ চালক হিচাপে কাম কৰিছিল ৷ সমগ্ৰ ঘটনাটোত চালকগৰাকী জড়িত বুলি প্ৰকাশ কৰিছে আৰক্ষীয়ে ৷ নিৰুদ্দেশ হোৱা ট্ৰাকখনত প্ৰায় 2350 কাৰ্টুন বিস্কুট আছিল বুলি আৰক্ষী সূত্ৰত প্ৰকাশ ৷

লগতে চাওকঃ পথ দুৰ্ঘটনাত থিতাতে নিহত যুৱক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.