ETV Bharat / state

ৰঙিয়াৰ পথাৰত হাঁহিছে ত্ৰিপুৰা চিকন আৰু চৰ্ণ চাবে

'আমাৰ পথাৰ আমাৰ বজাৰ'শ্ল'গানে কৃষি ক্ষেত্ৰত আনিছে এক নতুন বিপ্লৱ ৷ ৰঙিয়াৰ নিজ বড়িগোগত এই শ্ল'গানেৰে লাভাৱাম্বিত হৈছে বহু কৃষক ৷ কম সময়তে কৃষকে উৎপাদন কৰিছে উন্নত প্ৰজাতিৰ ধান ৷

author img

By

Published : Sep 24, 2020, 1:57 PM IST

The beginning of a new horizon in the field of agriculture in Rangia
ৰঙিয়াৰ কৃষি ক্ষেত্ৰত নতুন দিগন্তৰ সূচনা

ৰঙিয়া,24ছেপ্টেম্বৰ: কৰ'ণা সংকটৰ মাজতে ৰঙিয়াৰ নিজ বড়িগোগত কৃষি ক্ষেত্ৰত নতুন দিগন্তৰ সূচনা হৈছে । প্ৰথমবাৰৰ বাবে চৰ্ণ চাব আৰু ত্ৰিপুৰা চিকন নামৰ উন্নত প্ৰজাতিৰ ধান ৰোপণ কৰিছে নিজ বড়িগোগৰ একাংশ কৃষকে । কনিহাৰ সেউজী যুটীয়া কৃষি সমবায় সমিতিৰ অন্তৰ্গত উত্তৰণ কৃষি প্ৰডিচাৰ কোম্পানী লিমিটেডৰ উদ্যোগত এক নতুন কৃষি শস্যৰ আৰম্ভণি কৰিছে অঞ্চলটোৰ কৃষকসকলে । অঞ্চলটোৰ উচ্চ শিক্ষিত আদৰ্শ কৃষক মন্টু বনিয়াৰ লগতে তেওঁৰ তিনি ভাতৃৰ কৃষি পামৰ প্ৰায় 20 বিঘা মাটিত কৰা হৈছে এই খেতি ৷ এই নতুন প্ৰজাতিৰ ধান খেতিডৰা বৈজ্ঞানিক পদ্ধতিৰে কৰা বাবে যথেষ্ট ভাল ফলাফল কৰিছে বুলি প্ৰকাশ কৰে যুৱককেইজনে ৷

উল্লেখ্য যে, ধান খেতিখিনিৰ আছে বহু সুবিধা ৷ ১৫ দিন বানৰ মাজত থাকিলেও নষ্ট হৈ নাযায় এই ধান খেতি ৷ ইয়াৰ লগতে কম সময়ৰ ভিতৰত উৎপাদন কৰিব পৰা যায় উন্নত প্ৰজাতিৰ ধান খেতিখিনি ৷ পূৰ্বতে এবিঘা মাটিত মাত্ৰ ৭-৮ মোন ধানহে উৎপাদন হৈছিল , কিন্তু আধুনিক পদ্ধতিৰে কৰা উক্ত নতুন প্ৰজাতিৰ ধান এবিঘা মাটিত বৰ্তমান ২২-২৫ মোন উৎপাদন হয় বুলি উল্লেখ কৰে যুৱককেইজনে ।

যুৱক কেইজনে উল্লেখ কৰা অনুসৰি,ধান উৎপাদনৰ বাবে কীটনাশক ঔষধৰ সলনি পথাৰত ব্যৱহাৰ কৰিছে পুৰণি পদ্ধতি। চৰাই আৰু বিভিন্ন পতংগৰ পৰা খেতি ডৰা বচাবলৈ পথাৰৰ ইমুৰৰ পৰা সিমূৰলৈ পুৰণি অডিঅ কেছেটৰ ৰিল বান্ধি দিয়াৰো ব্যৱস্থা কৰিছে যুৱক কেইজনে । উক্ত খেতিপথাৰৰ মাজে মাজে ৰোপণ কৰা হৈছে চেগুণ গছ । ইয়াৰ লগতে বিভিন্ন শাক-পাচলি আৰু ফলৰো খেতি কৰা কৰিছে যুৱককেইজনে । এডোখৰ মাটিত বিজ্ঞানসন্মতভাৱে বছৰত তিনি-চাৰি বাৰকৈ বিভিন্ন খেতি কৰাৰ বাবে অঞ্চলটোৰ সহস্ৰাধিক কৃষক সকলক উক্ত সমবায় সমিতিয়ে প্ৰশিক্ষণ দিয়া বুলি সম্পাদক অমল ভৰালীয়ে জানিবলৈ দিয়ে । এনেদৰে খেতি কৰাৰ ফলত সাধাৰণ খেতিয়ক সকলে যথেষ্ট লাভান্বিত হৈছে বুলিও সাংবাদিকৰ আগত উল্লেখ কৰে যুৱক কেইজনে । 'আমাৰ পথাৰ আমাৰ বজাৰ' শ্ল'গানেৰে যুৱককেইজনে আৰম্ভ কৰিছে এই নতুন বিপ্লৱ ৷

অন্য এক খবৰৰ বাবে: আৰক্ষীৰ জালত দুৰ্ধৰ্ষ ট্ৰাক চোৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.