ETV Bharat / state

ছয়গাঁৱত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলক লৈ উত্তপ্ত পৰিস্থিতি

শুকুৰবাৰে ঘোষণা কৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ (HSLC) ফলাফলক লৈ ছয়গাঁৱৰ চম্পকনগৰ নগৰ উচ্চ মাধ্যমিক বিদ্যালয়ত অৰ্ধ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে উত্তপ্ত কৰি তোলে বিদ্যালয় চৌহদ ৷ ধন লৈ নম্বৰ দিয়াৰো অভিযোগ তুলিছে বিদ্যালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে ৷

tense situation for hslc result at Saygaon Champak Nagar High School
ছয়গাঁৱত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলক লৈ উত্তপ্ত পৰিস্থিতি
author img

By

Published : Aug 1, 2021, 2:51 PM IST

ছয়গাঁও, 1 আগষ্ট : শুকুৰবাৰে ঘোষণা কৰা হয় হাইস্কুল শিক্ষান্ত পৰীক্ষা (HSLC)ৰ ফলাফল ৷ দেশত সৃষ্টি হোৱা মহামাৰী কৰ'ণা ভাইৰাছৰ বাবে অসম মাধ্যমিক শিক্ষা পৰিষদ (SEBA)ৰ বিশেষ নিয়মাৱলীৰ মাজেৰে ঘোষণা কৰা ২০২০-২০২১ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে ছাত্ৰ-ছাত্ৰীসকলে ৷ শনিবাৰে ছয়গাঁৱৰ চণ্ডিকাৰ চম্পকনগৰ উচ্চ মাধ্যমিক বিদ্যালয়ত অৰ্ধ শতাধিক ছাত্ৰ-ছাত্ৰী উপস্থিত হৈ বিদ্যালয়খনত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰে ৷

ছয়গাঁৱত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলক লৈ উত্তপ্ত পৰিস্থিতি

ছাত্ৰ-ছাত্ৰীসকলে অভিযোগ কৰা অনুসৰি, তেওঁলোকে পৰীক্ষাত উত্তীৰ্ণ হ’ব লাগিছিল যদিও বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰী সকলে তেওঁলোকক কম নম্বৰ দিয়াৰ বাবে ফেইল কৰিছে ৷ আনহাতে, বিদ্যালয়ত পঢ়াত একেবাৰে কম বহুকেইজন ছাত্ৰ-ছাত্ৰীৰ পৰা ধন সংগ্ৰহ কৰি বেছি নম্বৰ দিয়াৰ বাবে তেওঁলোকে পাছ কৰিছে ৷ উক্ত বিদ্যালয়ৰ প্ৰধানশিক্ষক কেইবাগৰাকী ছাত্ৰ ছাত্ৰীৰ পৰা নম্বৰ দিয়াৰ নামত এহেজাৰ টকাকৈ লৈছে ৷

লগতে পঢ়ক - ফলাফলক লৈ চৰাইদেউ ৰহন উচ্চ মাধ্যমিক বিদ্যালয়ত উত্তপ্ত পৰিস্থিতি

ছাত্ৰ ছাত্ৰী সকলৰ স্পষ্ট মত চৰকাৰে পৰীক্ষা পাতিব লাগে আৰু পৰীক্ষা পাতিলে তেওঁলোকে পাছ কৰিব ৷ ক্ষোভিত ছাত্ৰ-ছাত্ৰীসকলে শনিবাৰে বিদ্যালয় কৰ্তৃপক্ষৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ প্ৰকাশ কৰাৰ লগতে এই সম্পৰ্কে ছয়গাঁও আঞ্চলিক ছাত্ৰ সন্থাকো অৱগত কৰে ৷

আনহাতে, ছাত্ৰ-ছাত্ৰী সকলে বিদ্যালয়খনত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি কৰাৰ সময়তে বিদ্যালয়ত উপস্থিত থকা দুজনমান শিক্ষক আৰু কৰ্মচাৰীসকল পলায়ণ কৰে বুলি জানিব পৰা গৈছে ৷ একেদৰে চৰাইদেউ জিলাৰ সাপেখাতী আৰক্ষী থানাৰ অন্তৰ্গত ৰহন উচ্চ মাধ্যমিক বিদ্যালয়তো সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলক কেন্দ্ৰ কৰি সৃষ্টি হৈছে উতপ্ত পৰিস্থিতি । ২০২০-২০২১ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ ফলাফলক লৈ অসন্তুষ্টি প্ৰকাশ কৰিছে ছাত্ৰ-ছাত্ৰীৰ লগতে অভিভাৱক সকলে ।

উল্লেখযোগ্য যে, ৰহন উচ্চ মাধ্যমিক বিদ্যালয়ৰ পৰা অৱতীৰ্ণ হোৱা মুঠ ৫৫ গৰাকী পৰীক্ষাৰ্থীৰ ভিতৰত ১৮ গৰাকী ছাত্র-ছাত্ৰীহে উত্তীৰ্ণ হয় । তাৰে ৭ গৰাকী প্ৰথম বিভাগত ৮ গৰাকী দ্বিতীয় বিভাগত আৰু তিনি গৰাকী তৃতীয় বিভাগত উত্তীৰ্ণ হ'বলৈ সক্ষম হয় । কিন্তু পৰীক্ষাৰ ফলাফলত সন্তুষ্ট নহয় পৰীক্ষাত উত্তীৰ্ণ নোহোৱা একাংশ ছাত্ৰ-ছাত্ৰী সকলৰ লগতে অভিভাৱকসকলো ।

লগতে পঢ়ক -কোকৰাঝাৰৰ ছালাকাটিত মেট্ৰিকৰ ফলাফলক লৈ উত্তপ্ত পৰিস্থিতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.