ETV Bharat / state

Allegation of beating against teacher: ছাত্ৰৰ গোপন অংগত প্ৰচণ্ড আঘাত কৰিলে শিক্ষকে,গুৰুতৰভাৱে অসুস্থ - ছাত্ৰৰ গোপন অংগত প্ৰচণ্ড আঘাত কৰিলে শিক্ষকে

শিক্ষকৰ প্ৰহাৰত আহত ছাত্ৰ । ৰঙিয়া হাই মাদ্ৰাছাত সংঘটিত হৈছে এই ঘটনা ।

Rangia High Madrasa
ৰঙিয়া হাই মাদ্ৰাছাত অমানবীয় ঘটনা
author img

By ETV Bharat Assamese Team

Published : Oct 7, 2023, 10:08 PM IST

ঙিয়া হাই মাদ্ৰাছাত অমানবীয় ঘটনা

ৰঙিয়া, ৭ অক্টোবৰ: ৰাজ‍্যত পুনৰ সংঘটিত হৈছে শিক্ষকৰ প্ৰহাৰত ছাত্ৰ আহত হোৱাৰ ঘটনা । শৰীৰৰ গোপন অংগত আঘাত কৰাত মৰণ কাতৰ চিঞৰ এগৰাকী কণমানি ছাত্ৰৰ । ৰঙিয়াত সংঘটিত হৈছে এই ভয়ংকৰ ঘটনাটো । মৰণকাতৰ যন্ত্রণাত চিঞৰি আছে সপ্তম শ্রেণীৰ ছাত্ৰ ছাত্ৰজন । পৰিয়ালৰ অভিযোগ অনুসৰি ৰঙিয়া হাই মাদ্ৰাছাৰ ছাত্ৰজনক বিদ‍্যালয়খনৰে শিক্ষক দিলোৱাৰ হুছেইনে কৰা প্ৰহাৰত শৰীৰৰ গোপন অংগত প্ৰচণ্ড আঘাত পায় । এই ঘটনাটো সংঘটিত হোৱাৰ পিছত ছাত্ৰজনৰ পিতৃয়ে শিক্ষক দিলোৱাৰ হুছেইনৰ বিৰুদ্ধে ৰঙিয়া থানাত দাখিল কৰিছে এজাহাৰ ।

ৰঙিয়া থানাত শিক্ষক দিলোৱাৰ হুছেইনৰ বিৰুদ্ধে 540/23U/S 325 IPC R/W Sec 75 JJB Actৰ অধীনত ৰুজু হৈছে গোচৰ । ইফালে, গুৰুতৰভাৱে আহত ছাত্ৰজনক প্ৰথম অৱস্থাত ৰঙিয়া মহকুমা অসামৰিক চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা কৰা হৈছিল । পিছত গুৰুতৰভাৱে অসুস্থ ছাত্ৰজনৰ ৰঙিয়াৰ স্বস্তি হাস্পতালত পোন্ধৰ দিন চিকিৎসা কৰা হয় । এক অক্টোবৰৰ দিনা ছাত্রজনৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটনাৰ ফলত নিশাই পৰিয়ালৰ লোকে ছাত্ৰজনক জি এন আৰ চিত ভৰ্তি কৰায় । ছাত্রজনৰ চিকিৎসাৰ সকলো দায়িত্ব শিক্ষানুষ্ঠান কৰ্তৃপক্ষই বহন কৰাৰ লিখিত প্ৰতিশ্ৰুতি দিয়াৰ পিছতো শিক্ষক দিলোৱাৰ হুছেইনে গা এৰি চলাৰ অভিযোগ কৰিছে ভুক্তভোগী পৰিয়ালটোৱে ।

প্ৰথম অৱস্থাত বিদ্যালয় কৰ্তৃপক্ষই ছাত্রজনৰ চিকিৎসাৰ বাবদ হোৱা খৰচৰ কিছু অংশ বহন কৰিছিল যদিও কিছুদিন পাছত খৰচ দিয়া বন্ধ কৰি দিয়ে । তাৰ পিছত ছাত্রজনৰ পৰিয়ালে বাৰে বাৰে ঘটনাটোৰ অভিযুক্ত শিক্ষক দিলোৱাৰ হুছেইনৰ লগত যোগাযোগ কৰিবলৈ চেষ্টা কৰে যদিও শিক্ষকজনে ভুক্তভোগী পৰিয়ালৰ সৈতে যোগাযোগ নকৰাৰ অভিযোগ উত্থাপিত হৈছে ।

আনকি ছাত্রজনৰ পৰিয়ালে অভিযোগ কৰা অনুসৰি শিক্ষকজনে বৰ্তমানলৈকে ছাত্ৰজনৰ স্বাস্থ‍্যৰ বুজ ল'বলৈকে অহা নাই । বৰ্তমান পৰিয়ালটো উপায়বিহীন হৈ ৰঙিয়া আৰক্ষীৰ ওচৰ চাপিছে । এই বিষয়ে অভিযুক্ত শিক্ষক দিলোৱাৰ হুছেইনৰ পৰা প্ৰতিক্ৰিয়া জানিবলৈ যোগাযোগ কৰা হৈছিল যদিও তেওঁ মন্তব্য প্ৰকাশৰ পৰা বিৰত থাকে ।

লগতে পঢ়ক:Keshab Mahanta in Majuli : অসহায় মন্তব্য স্বাস্থ্য মন্ত্ৰীৰ- মাজুলীলৈ চিকিৎসক নাহে

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.