ETV Bharat / state

এন আৰ চিৰ শুনানিত ভীতিগ্ৰস্ত হৈ আত্মহননৰ পথ বাচি ল'লে ভাৰতীয়ই !

author img

By

Published : May 27, 2019, 7:53 PM IST

ৰাজ্যত এন আৰ চি উন্নীতকৰণৰ নামত প্ৰাণ গ'ল এজন ভাৰতীয়ৰ ৷ এন আৰ চি শুনানীৰ নামত সন্মুখীন হোৱা হাৰাশাস্তি তথা ভয়-ভাবুকিৰ বলি হৈ আত্মহননৰ পথ বাচি ল'লে এগৰাকী ৮৮ বছৰীয়া বৃদ্ধই

এন আৰ চিৰ শুনানিত ভিতিগ্ৰস্ত হৈ আত্মহননৰ পথ বাচি ল'লে ভাৰতীয়ই !

বকো, 27 মে': কামৰূপ জিলাৰ বকো সমষ্টিৰ অম্তৰ্গত সোণতলীৰ শেলোসুঁতিত সংঘটিত হৈছে এক মৰ্মান্তিক ঘটনা ৷ এন আৰ চিৰ শুনানীত ভীতিগ্ৰস্ত হৈ আত্মহত্যাৰ পথ বাচি লোৱাৰ সন্দেহ ৮৮ বছৰীয়া শেলোসুঁতি গাঁৱৰ আশ্ৰৱ আলীৰ ৷ প্ৰাপ্ত তথ্য মতে,যোৱা ২৩ মে' তাৰিখে ধীৰাজ বৈশ্য নামৰ লোক এজনৰ আপত্তিৰ ভিত্তিত আশ্ৰব আলীয়ে এন আৰ চিৰ শুনানিৰ উদ্দেশ্যে নলবাৰীলৈ গৈছিল ৷

এন আৰ চিৰ শুনানিত ভিতিগ্ৰস্ত হৈ আত্মহননৰ পথ বাচি ল'লে ভাৰতীয়ই !

কিন্তু শুনানিলৈ যোৱা আশ্ৰবক শুনানি কেন্দ্ৰতে বহু কেইগৰাকী বিষয়াই বিভিন্ন ভয় ভাবুকি প্ৰদান কৰাৰ অভিযোগ তুলিছে স্থানীয় একাংশ লোকে ৷ যাৰ ফলত ভীতিগ্ৰস্ত হৈ আশ্ৰবে দেওবাৰে সন্ধিয়া আলহীৰ ঘৰলৈ যোৱাৰ ছলেৰে সেলেসুঁতি প্ৰাথমিক বিদ্যালয়ত আত্মহত্যা কৰে বুলি সন্দেহ প্ৰকাশ কৰিছে স্থানীয় ৰাইজে। উল্লেখ্য যে,সোমবাৰে পুৱা স্থানীয় ৰাইজে মৃত বৃদ্ধ গৰাকীক প্ৰত্যক্ষ কৰি স্থানীয় আৰক্ষীক খবৰ দিয়ে আৰু আৰক্ষী উপস্থিত হৈ মৃতদেহটো উদ্ধাৰ কৰি সমগ্ৰ ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে ৷ লগতে মৃতদেহটোৰ মৰণোত্তৰ পৰীক্ষাৰ বাবে সোণতলী আৰক্ষীয়ে জি এম চি এইচলৈ প্ৰেৰণ কৰে।

Intro:Body:ৰাজ্যত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী চমুকৈ এন আৰ চি উন্নীতকৰণৰ নামত জীৱন কাঢ়িলে আৰু এজন ভাৰতীয়ৰ ৷ এন আৰ চি শুনানীৰ নামত সন্মুখীন হোৱা হাৰাশাস্তি ও ভয়- ভাবুকিৰ বলিহৈ ৮৮ বছৰীয়া বৃদ্ধই এইবাৰ আত্মহননৰ পথ বাচি ল'বলগীয়া হোৱাৰ অতি মৰ্মান্তিক ঘটনাটো সংঘটিত হৈছে কামৰূপ জিলাৰ বকো সমষ্টিৰ অম্তৰ্গত সোণতলীৰ সেলেসুতিত৷ এন আৰ চিৰ শুনানীত ভয়ভীত হৈ আত্মহত্যাৰ পথ বাচি লোৱা ৮৮ বছৰীয়া বৃদ্ধ ব্যক্তিগৰাকী হৈছে শেলোসুঁতি গাঁৱৰ আশ্ৰৱ আলী ৷ প্ৰাপ্ত বাতৰি মতে, যোৱা ২৩ মে' তাৰিখে আপত্তিৰ ভিত্তিত আশ্ৰৱ আলীয়ে এন আৰ চিৰ হিয়াৰিং হৱলৈ গৈছিল নলবাৰীত। ধিৰাজ বৈস্য নামৰ লোক এজনৰ আপত্তিৰ ভিত্তিত হিয়াৰিং দিবলৈ যোৱা আশ্ৰৱক শুনানী কেন্দ্ৰত কেন্দ্ৰৰ বিষয়াই বিভিন্ন ভয় ভাৱুকি দিছিল বুলি জানিব পৰা গৈছে ৷ যাৰ ফলত আশ্ৰৱে ভয়ভীত হৈ কালি সন্ধিয়া আলহীৰ ঘৰত যোৱাৰ ছলেৰে সেলেসূতি প্ৰাথমিক বিদ্যালয়ত আত্মহত্যা কৰে বুলি ৰাইজে সন্দেহ প্ৰকাশ কৰিছে। মৃত বৃদ্ধ গৰাকীক আজি ৰাতিপুৱা স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি পৰিয়ালবৰ্গক খৱৰ দিয়ে ৷ মহুৰ্তৰ ভিতৰতে পৰিয়ালত কান্দোনৰ ৰোল উঠে৷ ইফালে, ঘটনাটোৰ সম্পৰ্কত ততালিকে স্থানীয় ৰাইজে সোণতলী আৰক্ষীক খৱৰ দিয়ে। আৰক্ষীয়ে ঘটনাস্থলীত আহি মৃতদেহটো উদ্ধাৰ কৰি ঘটনাটোৰ তদন্ত অব্যাহত ৰাখিছে ৷ লগতে মৃতদেহটোৰ মৰোণত্তোৰ পৰীক্ষাৰ বাবে সোনতলী আৰক্ষীয়ে আজিয়ে মৃতদেহটো জি এম চি এইচলৈ প্ৰেৰণ কৰে। ইপিনে, এই ঘটনাটোৱে সোনতলী অঞ্চলত তীব্ৰ শোকৰ ছাঁ পেলাইছে ৷ Conclusion:
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.