ETV Bharat / state

শুৱালকুছি অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ শিলান্যাস কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে

author img

By

Published : Feb 22, 2021, 4:54 PM IST

Updated : Feb 22, 2021, 10:50 PM IST

কামৰূপ জিলাৰ শিক্ষাৰ্থীসকলৰ সুবিধা হোৱাকৈ জালুকবাৰী সমষ্টিৰ শৈক্ষিক ক্ষেত্ৰত সংযোজিত হ'ল এক যুগান্তকাৰী পদক্ষেপ ৷ 116 বিঘা মাটি কালিৰে প্ৰায় 55 কোটি টকা ব্যয় সাপেক্ষে শুৱালকুছিত নিৰ্মাণ হ'বলগীয়া অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ শিলান্যাস কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৷

শুৱালকুছিৰ অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ শিলান্যাস কৰিলে প্ৰধানমন্ত্ৰী মোদীয়ে

কামৰূপ,22 ফেব্ৰুৱাৰী: জালুকবাৰী সমষ্টিৰ শৈক্ষিক ক্ষেত্ৰত সোমবাৰে সংযোজিত হ'ল এক যুগান্তকাৰী পদক্ষেপ। ধেমাজি চিলাপথাৰৰ পৰা বিশাল জনসভাৰ পৰাই ডিজিটেল মাধ্যমৰ যোগেদিয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে শিলান্যাস কৰিলে শুৱালকুছিৰ অভিযান্ত্ৰিক মহাবিদ্যালয়ৰ ৷ 116 বিঘা মাটি কালিৰে কামৰূপ জিলাৰ শিক্ষাৰ্থীসকলৰ সুবিধা হোৱাকৈ প্ৰায় 55 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰা হ'ব এই মহাবিদ্যালয়খন ৷

উল্লেখ্য যে, মেকানিকেল আৰু চিভিলকে ধৰি মুঠ চাৰিটা বিষয়ত কাৰিকৰী শিক্ষা গ্ৰহণৰ ব্যৱস্থা থাকিব মহাবিদ্যালয়খনত ৷ ইয়াৰ লগতে হোষ্টেল, খেলপথাৰকে ধৰি ছাত্ৰ-ছাত্ৰীসকলে লাভ কৰিব বিভিন্ন অত্যাধুনিক সা-সুবিধা ৷ এই মহাবিদ্যালয়খনৰ আধাৰশিলা স্থাপনৰ পাচতে স্বাভাৱিকতে উৎফুল্লিত হৈ পৰিছে শুৱালকুছিবাসী ৰাইজ ৷

লগতে পঢ়ক: ধেমাজিৰ বিশাল জন সমাৱেশত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী

Last Updated : Feb 22, 2021, 10:50 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.