এই দৃশ্য দক্ষিণ কামৰূপৰ পলাশবাৰী খতিয়ামাৰী বাকাৰাপাৰাৰ । এটা ৰাজহুৱা পুখুৰীত মাটি ফুটি ওলাইছে বাবা ভোলানাথ ৷ এনৰেগাৰ অধীনত এই ৰাজহুৱা পুখুৰীটোত জবকাৰ্ডৰ কৰ্মীসকলে কাম কৰি থকা অৱস্থাত এজন কৰ্মচাৰীয়ে প্ৰত্যক্ষ কৰে মহাদেৱৰ এই মুৰ্ত্তিটো ।
ভগৱানক চাবলৈ লৰা-ঢপৰা ভক্তৰ - azara
মাটি ফুটি ওলাল স্বয়ম্ভূ মহাদেৱ
ভগৱানক চাবলৈ লৰা-ঢপৰা ভক্তৰ
এই দৃশ্য দক্ষিণ কামৰূপৰ পলাশবাৰী খতিয়ামাৰী বাকাৰাপাৰাৰ । এটা ৰাজহুৱা পুখুৰীত মাটি ফুটি ওলাইছে বাবা ভোলানাথ ৷ এনৰেগাৰ অধীনত এই ৰাজহুৱা পুখুৰীটোত জবকাৰ্ডৰ কৰ্মীসকলে কাম কৰি থকা অৱস্থাত এজন কৰ্মচাৰীয়ে প্ৰত্যক্ষ কৰে মহাদেৱৰ এই মুৰ্ত্তিটো ।
Slug:-A_Azara_Superstition_801-803_vis+bite_Ajay_Das
এটি ৰাজহুৱা পুখুৰী । পুখুৰীটোত উলাইছে হেনো ভগৱান । এক প্ৰতিবেদন ।
Vo...এটি ৰাজহুৱা পুখুৰী । পুখুৰীটোলৈ মানুহৰ সমাগম ঘটিছে । সকলোৰে হাতে হাতে ধুপ-ধুনা,চাকি,গাখীৰ । কাৰণ এই পুখুৰীটোত হেনো মাটি ফুটি উলাইছে মহাদেৱ বাবা । এই দৃশ্য দক্ষিণ কামৰূপৰ পলাশবাৰী খতিয়ামাৰী বাকাৰাপাৰাৰ । এই ৰাজহুৱা পুখুৰীটো এনৰেগাৰ অধীনত জবকাৰ্ডৰ কৰ্মী সকলে কাম কৰি থকা অৱস্থাত এজন কৰ্মচাৰীয়ে হঠাৎ প্ৰত্যক্ষ কৰে মাটিৰ পৰা ওলাই অহা এই মহাদেৱৰ মুৰ্তিটো । তেতিয়াই লগে লগে হঠাৎ বনজুই বিয়পা দি বিয়পি পৰে খবৰটি । মুৰ্তি চাবলৈ হেতা ওপৰা লাগিল ভক্তৰ । লানি নিচিগা সৌত বৈছে ভক্তৰ । ভক্তই মুৰ্তিটোৰ ওচৰতে জ্বলাইছে ধুপ-ধুনা,চাকি-বন্তি,মুৰ্তিটোৰ ওপৰত ঢালিছে গাখীৰ ।
Bite...
এতিয়া এই ঘটনাই ৰাইজৰ মাজত সৃষ্টি কৰিছে এক কৌতুহলৰ । অৱশ্যে ৰাইজে এনেদৰে মাটিৰ মুৰ্তিটোক ভগৱান বুলি বিশ্বাস কৰি লোৱা কাণ্ডই এক অন্ধবিশ্বাসৰো সৃষ্টি কৰিছে ।
দক্ষিণ কামৰূপ/আজাৰা অজয় দাস,etv bharat assam