আজাৰা, 4 জুলাই : ৰাজ্যত কৰ'ণাত আক্ৰান্ত লোকৰ সৰ্বাধিক সংখ্যা গুৱাহাটী মহানগৰীৰ হোৱা হেতুকে মহানগৰীক লৈ অধিক তৎপৰ হৈ পৰিছে ৰাজ্য চৰকাৰ । কৰ'ণা ৰোগীৰ বাবে 29 জুনৰ পৰা কোভিড চিকিৎসালয়ৰূপে গঢ় দিয়া হৈছিল দক্ষিণ কামৰূপৰ বঙৰাস্থিত পতঞ্জলি কেন্দ্ৰটো । চিকিৎসালয়খনত ৩০০ জন ৰোগীৰ বাবে সুব্যৱস্থা কৰা হৈছে ৷
শনিবাৰে চিকিৎসালয়খনৰ সামগ্ৰিক পৰিস্থিতিৰ বুজ লয় ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীযুষ হাজৰিকাই । চিকিৎসালয়খনত উপস্থিত হৈ মন্ত্ৰী পীযুষ হাজৰিকাই কামৰূপ জিলা উপায়ুক্ত, প্ৰশাসনিক বিষয়া, চিকিৎসালয়খনৰ বিষয়ববীয়াৰ সৈতে এক আলোচনাত মিলিত হয় । নতুনকৈ স্থাপন কৰা কোভিড চিকিৎসালয়খনত ৰেপিড টেষ্ট কৰাৰ পিছত 10 মিনিটৰ পিছত ৰোগীসমূহে ফলাফলসমূহ লাভ কৰিব ।
উল্লেখ্য যে, পূৰ্বতে এটি ফলাফল অহাত পলম হোৱাৰ বাবে কৰ'ণাক্ৰান্ত লোকজনে ইফালে-সিফালে ঘূৰি ফুৰিছিল, যাৰ বাবে গন সংক্ৰমণ বৃদ্ধি পাইছিল ৷ আনহাতে নিগেটিভ ফলাফলৰ লোককো পজিটিভ বুলি ঘোষণা কৰা সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে এয়া স্পষ্টীকৰণৰ ভুল হোৱা বুলি মন্তব্য কৰে ।
লগতে পঢ়ক : বৰপানী নৈৰ বানত গৃহহাৰা কামপুৰৰ কেইবাটাও পৰিয়াল