ETV Bharat / state

এছ এছ বিৰ নৈশ অভিযানত জব্দ 21 খন গৰু ভৰ্তি ট্ৰাক - এছ এছ বিৰ নৈশ অভিযানত জব্দ 21 খন গৰু ভৰ্তি ট্ৰাক

ৰঙিয়াত এছ‌এছবিৰ অভিযানত জব্দ 21 খন চোৰাং গৰু ভৰ্তি ট্ৰাক ৷ 8 জন চালক সহ আটক 11 জন শ্ৰমিক ।

এছএছবিৰ নৈশ অভিযানত জব্দ 10 খন গৰু ভৰ্তি ট্ৰাক

author img

By

Published : Feb 25, 2020, 12:22 PM IST

Updated : Feb 25, 2020, 1:08 PM IST

ৰঙিয়া, 25 ফেব্ৰুৱাৰীঃ ৰঙিয়াৰ মৰাণজানাত এছ‌এছবিৰ 24 নং মুখ্যালয়ৰ সন্মুখত অভিযান ৷ পশ্চিমবংগৰ সোণাপুৰৰ পৰা যোৰাবাটৰ 9 মাইললৈ নি থকা অৱস্থাত জব্দ কেইবাখনো গৰু ভৰ্তি ট্ৰাক ৷ এক গোপন তথ্যৰ ভিত্তেই অভিযান চলাই এছ‌এছবিৰ এটা দলে গৰু ভৰ্তি ট্ৰাক কেইখন জব্দ কৰিবলৈ সক্ষম হয় ৷

এছ এছ বিৰ নৈশ অভিযানত জব্দ 21 খন গৰু ভৰ্তি ট্ৰাক

আটকাধীন চালকৰ বিস্ফোৰক স্বীকাৰোক্তি গৰুবোৰ 9 মাইলৰ পৰা মেঘালয় হৈ বাংলাদেশলৈ সৰবৰাহৰ চেষ্টা কৰা হৈছিল ৷ অবৈধভাৱে নি থকা অৱস্থাতে আৰক্ষী আৰু শুল্ক বিভাগৰ সহযোগত এছ‌এছবিৰ অভিযানকাৰী দলটোৱে চোৰাং গৰুৰ গাড়ী জব্দ কৰিবলৈ সক্ষম হয় । পশ্চিম বংগৰ কোচবিহাৰ জিলাৰ অন্তৰ্গত সোণাপুৰৰ পৰা 29 খন ট্ৰাকত চোৰাংকৈ প্ৰায় 900 গৰু আনি থকা বুলি এছ‌এছবিয়ে এক গোপন খবৰ লাভ কৰিছিল ।

এই খবৰৰ ভিত্তিত এছ‌এছবিৰ এটা বৃহৎ দলে ৰঙিয়াৰ মৰাণজানাত অভিযান চলাই 8 খন গৰু ভৰ্তি ট্ৰাক জব্দ কৰিবলৈ সক্ষম হয় ৷ অৱশ্যে বাকী কেইখন বাহনে আগতীয়াকৈ সম্ভেদ পায় পলায়ন কৰি যাবলৈ সক্ষম হয় । চোৰাং গৰু সৰবৰাহ কৰাৰ বাবদ প্ৰতিজন চালকে দুই হাজাৰকৈ আৰু প্ৰতিজন শ্ৰমিকে এক হাজাৰকৈ টকা লাভ কৰে বুলি জানিবলৈ দিয়ে ৷ পিচত পুনৰ 11 খন চোৰাং গৰুভৰ্তি গাড়ী জব্দ কৰিবলৈ সক্ষম হয় অভিযানকাৰী দলটোৱে ৷

Last Updated : Feb 25, 2020, 1:08 PM IST

For All Latest Updates

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.