ETV Bharat / state

এটা ব্যতিক্ৰমী COVID কেয়াৰ কেন্দ্ৰ - mirza

দক্ষিণ কামৰূপৰ মিৰ্জাৰ সৰপাৰাস্থিত COVID কেয়াৰ কেন্দ্ৰটো পুৱা-গধুলি মুখৰিত হৈ থাকে ৰোগীয়ে পৰিৱেশন কৰা ঘোষা-বৰগীতৰ পদেৰে ৷ পৰিস্কাৰ-পৰিচ্ছন্নতাৰেও ভৰা কেন্দ্ৰটো COVID কেয়াৰ কেন্দ্ৰ নহয় যেন ৰোগী সকলৰ নিজা ঘৰহে ৷

COVID কেয়াৰ কেন্দ্ৰ
COVID কেয়াৰ কেন্দ্ৰ
author img

By

Published : Sep 18, 2020, 5:20 PM IST

আজাৰা, 18 ছেপ্তেম্বৰ: বৰগীত, বাঁহীৰ সুমধুৰ সুৰেৰে জীপাল এটা COVID কেয়াৰ কেন্দ্ৰ ৷ পৰিস্কাৰ-পৰিচ্ছন্নতাৰেও ভৰা কেন্দ্ৰটো ৷ COVID কেয়াৰ কেন্দ্ৰ নহয় যেন ৰোগী সকলৰ নিজা ঘৰহে ৷ দক্ষিণ কামৰূপৰ মিৰ্জাৰ সৰপাৰাত অৱস্থিত COVID কেয়াৰ কেন্দ্ৰটো পুৱা-গধুলি মুখৰিত হৈ থাকে ৰোগীয়ে পৰিৱেশন কৰা ঘোষা-বৰগীতৰ পদেৰে ৷ ইয়াৰোপৰি কোনো ৰোগীয়ে যদি বিহুগীত আৰু কোনোৱে আকৌ বাঁহীৰ সুললিত ধ্বনিৰে জীপাল কৰি ৰাখে কেন্দ্ৰটোৰ প্ৰতিটো পুৱা-সন্ধ্যা ৷ শেহতীয়াকৈ কেন্দ্ৰটোৰ সকলো লোকেই মিলি পালন কৰে বিশ্বকৰ্মা পূজাও ৷

এটা ব্যতিক্ৰমী COVID কেয়াৰ কেন্দ্ৰ

উল্লেখ্য যে কৰ'ণাত আক্ৰান্ত হোৱাৰ পাচত বহু ৰোগী মানসিকভাৱে ভাগি পৰে যদিও, মিৰ্জাস্থিত COVID কেয়াৰ কেন্দ্ৰ থকা কোনো এগৰাকীও লোকৰ মুখত নাই হতাশাৰ চাপ ৷ এনে ক্ষেত্ৰত কৰ'ণা আক্ৰান্ত ৰোগীক মানসিকভাৱে সুস্থ কৰি ৰখাৰ প্ৰয়াস কৰিছে COVID কেয়াৰ কেন্দ্ৰ কৰ্তৃপক্ষইয়ো ৷ দিনে-নিশাই ৰোগীক সেৱা আগবঢ়ায় আহিছে কৰ্তব্যৰত চিকিৎসাকৰ্মী সকলে ৷ আনহাতে কেন্দ্ৰটো পৰিচালনাৰ দায়িত্বত থকা ডঃ জ্যোতি কুমাৰ দাস আৰু নডেল বিষয়া নেকিব আহমেদৰ তত্বাৱধানত স্বাস্থ্যকৰ্মীসকলে সুচাৰুৰূপে পালন কৰি গৈছে নিজৰ কৰ্তব্য ৷

মিৰ্জাস্থিত COVID কেয়াৰ কেন্দ্ৰ থকা কোনো এগৰাকীও লোকৰ মুখত নাই হতাশাৰ চাপ

যোৱা ২৯ আগষ্টৰ পৰা আৰম্ভ হোৱা মিৰ্জাৰ সৰপাৰাস্থিত COVID কেয়াৰ কেন্দ্ৰটোত বৰ্তমানলৈ ১০৩৫ গৰাকী ৰোগী ভৰ্তি হোৱাৰ সমান্তৰালকৈ ৫৫৫ গৰাকী ৰোগী সুস্থ হৈ উঠিছে । লগতে স্বাস্থ্যৰ অৱনতি ঘটা ৩৭ গৰাকী ৰোগীক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসালয়ত প্ৰেৰণ কৰা হয় । বৰ্তমানেও কেন্দ্ৰটোত ৪৪৩ গৰাকী ৰোগীৰ চিকিৎসা অব্যাহত আছে ।

লগতে পঢ়ক: ভাৰতত কৰ'ণা আক্ৰান্তৰ সংখ্য়াই অতিক্ৰম কৰিলে 52 লক্ষাধিক

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.