ETV Bharat / state

দক্ষিণ কামৰূপত শোকাৱহ পথ দুৰ্ঘটনাঃ নিহত বাইক আৰোহী

author img

By

Published : Nov 6, 2020, 8:50 PM IST

মৃত্যুদূতত পৰিণত হৈ পৰিছে দক্ষিণ কামৰূপৰ ১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ। নিতৌ সৰু-বৰ দুৰ্ঘটনা সংঘটিত হৈছে বিজয়নগৰৰ পৰা ৰামপুৰলৈ অহা-যোৱা কৰা ১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথচোৱাত । যাতায়তৰ বাবে বিপদজনক হৈ পৰা এই পথচোৱাত দুৰ্ঘটনাত পতিত হৈ ইতিমধ্যে বহু লোক ঘূণীয়া হোৱাৰ লগতে মৃত্যুমুখত পৰিবলগীয়া হৈছে।

south-kamrup-road-accident-one-spot-dead
দক্ষিণ কামৰূপত শোকাৱহ পথ দুৰ্ঘটনাঃ নিহত বাইক আৰোহী

আজাৰা, 6 নৱেম্বৰ : মৃত্যুদূতত পৰিণত হৈ পৰিছে দক্ষিণ কামৰূপৰ ১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথ । নিতৌ সৰু-বৰ দুৰ্ঘটনা সংঘটিত হৈছে বিজয়নগৰৰ পৰা ৰামপুৰলৈ অহা যোৱা কৰা ১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথচোৱাত । যাতায়তৰ বাবে বিপদজনক হৈ পৰা এই পথচোৱাত দুৰ্ঘটনাত পতিত হৈ ইতিমধ্যে বহু লোক ঘূণীয়া হোৱাৰ লগতে মৃত্যুমুখত পৰিবলগীয়া হৈছে । শুকুৰবাৰে ১৭ নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ ভাগৱতীপাৰাত শোকাৱহ দুৰ্ঘটনাত থিতাতে নিহত হয় এজন লোক । দুপৰীয়া বিজয়নগৰৰ কিছু নিলগত অৱস্থিত ভাগৱতীপাৰাত অচিনাক্ত বাহনৰ খুন্দাত থিতাতে নিহত হয় নহিৰাৰ বাসিন্দা প্ৰজেন কলিতা । নিহত লোকজনে নিজৰ গ্লেমাৰ বাহনখনৰে ঘৰলৈ গৈ থকা অৱস্থাত এই শোকৱহ দুৰ্ঘটনাটো সংঘটিত হয় । দুৰ্ঘটনাত পতিত হোৱা গ্লেমাৰ বাহনখনৰ নম্বৰ হৈছে এ এছ-01-এ বি-9221।

উল্লেখ্য যে, পূৰ্বেও যাতায়তৰ বাবে বিপদজনক হৈ পৰা ১৭নম্বৰ তথা পুৰ্বৰ ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত বহুকেইটা দুৰ্ঘটনা সংঘটিত হৈছে । কিছুদিন পূৰ্বে পলাশবাৰী সমষ্টিৰ সাতপখলীৰ এজন লোকো এই পথচোৱাতে দুৰ্ঘটনাত পতিত হৈ মৃত্যুমুখত পৰিছিল ।
লগতে পঢ়ক: কংগ্ৰেছ আৰু এআইইউডিএফ পাকিস্তানী পন্থী : বিধায়ক মৃণাল শইকীয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.