ETV Bharat / state

বকোত পাৰিবাৰিক কন্দলৰ বাবে পুত্ৰৰ হাতত প্ৰাণ গ'ল বৃদ্ধ পিতৃৰ

বকোত লোমহৰ্ষক হত্যাকাণ্ড ৷ পুত্ৰৰ হাতত প্ৰাণ গ'ল বৃদ্ধ পিতৃৰ ৷ পাৰিবাৰিক কন্দলৰ বাবে পুত্ৰই হত্যা কৰিলে পিতৃক ৷ বকো আৰক্ষীৰ তদন্ত আৰম্ভ ৷

Son kills Father In Boko, Victim arrested
বকোত পাৰিবাৰিক কন্দলৰ বাবে পুত্ৰৰ হাতত প্ৰাণ গ'ল বৃদ্ধ পিতৃৰ
author img

By

Published : Sep 11, 2020, 4:09 PM IST

বকো, 11 ছেপ্তেম্বৰ : বৃহস্পতিবাৰে নিশা বকোৰ কেকোপাৰাত সংঘটিত হয় এটা লোমহৰ্ষক হত্যাকাণ্ড । পাৰিবাৰিক কন্দলৰ বাবে পুত্ৰৰ হাত প্ৰাণ গ'ল পিতৃৰ ৷ তথ্য অনুসৰি,কেকোপাৰাৰ 22 বছৰীয়া প্ৰকাশ বড়ো নামৰ লোকজনে কাঠৰ পিৰাৰে মৰিয়াই মৰিয়াই হত্যা কৰে 55 বছৰ বয়সীয়া পিতৃ ভূপেন বড়োক । অভিযোগ অনুসৰি,পিতৃয়ে নিচা জাতীয় দ্ৰব্য খাই কৰা অত্যাচাৰ সহিব নোৱাৰি হত্যা কৰে পিতৃক ।

বকোত পাৰিবাৰিক কন্দলৰ বাবে পুত্ৰৰ হাতত প্ৰাণ গ'ল বৃদ্ধ পিতৃৰ

ঘটনা সংঘটিত হোৱাৰ পিচতে বকো আৰক্ষী ঘটনাস্থলীত উপস্থিত হৈ হত্যাকাৰী প্ৰকাশ বড়োক গ্ৰেপ্তাৰ কৰাৰ লগতে ভূপেন বড়োৰ মৃতদেহটো উদ্ধাৰ কৰি বকো থানালৈ লৈ আনে ।

উল্লেখ্য যে,নিশা প্ৰায় 9 মান বজাত পিতৃ ভূপেন বড়োৱে পুত্ৰ প্ৰকাশ বড়োক কুঠাৰেৰে আক্ৰমণ কৰি আহত কৰিছিল আৰু তাৰ পিচতেই পিতৃৰ অত্যাচাৰ সহিব নোৱাৰি পিৰাৰে মৰিয়াই মৰিয়াই হত্যা কৰে নিজ পিতৃক ।

লগতে পঢ়ক : গোসাইগাঁৱত শোকাবহ পথ দূৰ্ঘটনাঃ নিহত এজন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.