দক্ষিণ কামৰূপ,1 আগষ্টঃ বৃহস্পতিবাৰে বৰঝাৰ বিমানবন্দৰত উপস্থিত হয় মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তথা ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় উপ-সভাপতি,ৰাষ্ট্ৰীয় সংগঠন পৰ্ব সদস্যতা অভিযানৰ আহ্বায়ক শিৱৰাজ সিং চৌহান । বৰঝাৰ বিমানবন্দৰ ৰাজ্যিক বিজেপিৰ নেতৃত্বই উষ্ম আদৰণি জনাই মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীক । বৰঝাৰ বিমানবন্দৰৰ পৰা পোনে পোনে তাজ ভিভান্টালৈ ৰাওনা হয় প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী ।
জানিব পৰা মতে,বৃহস্পতিবাৰে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী সকলৰ সৈতে এক বৈঠকত মিলিত হোৱাৰ পিছত নিশাতো গুৱাহাটীতে কটাই প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে শুকুৰবাৰে মা-কামাখ্যা মন্দিৰ দৰ্শন কৰি ভুৱনেশ্বৰ মন্দিৰত গছ পুলি ৰোপন কৰি দিনৰ ১১ বজাত জি এম চি এইচ প্ৰেক্ষাগৃহত সংগঠন পৰ্ব সদস্যতাৰ এক সভাত উপস্থিত থাকিব ৷ তাৰপিছতে দিনৰ ৩:১৫ত ভাৰতীয় জনতা পাৰ্টীৰ অসম প্ৰদেশৰ হেঙেৰাবাৰীস্থিত সংবাদ সভা সম্বোধন কৰি আবেলি পানবজাৰ ৰে'লৱে ষ্টেচন কালিবাৰীত আন এখন যোগদান সভাত অংশগ্ৰহন কৰিব ।