ৰঙিয়া, 25 জানুৱাৰী: দেওবাৰে নিশা কামৰূপৰ বাইহাটা চাৰিআলিত শ্ৰমিকৰ মৃত্যুৰ ঘটনাকলৈ এতিয়াও ৰঙিয়াত আব্যহত আছে চাঞ্চল্য (Three youth found dead in Baihata) । এতিয়াও সুস্থ হৈ উঠা নাই চিকিৎসাধীন অৱস্থাত থকা ছফিকুল আলী নামৰ যুৱকজন ।
বাইহাটা চাৰিআলিৰ জলসিঞ্চন বিভাগৰ ঠিকাদাৰৰ অধীনত শ্ৰমিক হিচাপে কৰ্মৰত তিনিজন শ্ৰমিকৰ ৰহস্যজনক কাৰণত মৃত্যু হৈছিল (Rangia youth found dead under suspicious condition)। আন এজন শ্ৰমিকক সংকটজনক অৱস্থাত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল । সম্প্ৰতি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত জীৱন-মৃত্যুৰে যুঁজি আছে ৰঙিয়াৰ শিমলুৱাৰ চফিকুল আলী নামৰ শ্ৰমিকজনে ।
দেওবাৰে নিশাৰ আহাৰ গ্ৰহণ কৰাৰ পিছতে মৃত্যু হৈছিল শ্ৰমিক তিনিজনৰ । ৰহস্যজনক অৱস্থাত কেম্পৰ ভিতৰতে মৃতদেহ উদ্ধাৰ হৈছিল বৰমপুৰৰ বাবুল হুছেইন, নিতেনি গাঁৱৰ মোজাফৰ আলী আৰু ধুহিৰ ৰাতুল আলী । এই ঘটনাই শোকাকুল পৰিবেশৰ সৃষ্টি কৰিছে পৰিয়ালকেইটাৰ ঘৰৰ লগতে সমগ্ৰ অঞ্চলত ।
ইফালে জলসিঞ্চন বিভাগৰ ঠিকাদাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰিছে স্থানীয় ৰাইজে । ক্ষতিপূৰণ দিয়া অথবা কোনো খা-খবৰ নোলোৱাৰ অভিযোগো উত্থাপন হৈছে ঠিকাদাৰৰ বিৰুদ্ধে । মৃত শ্ৰমিককেইজনৰ প্ৰতিটো পৰিয়ালৰ একমাত্ৰ উপাৰ্জনকাৰী আছিল শ্ৰমিককেইগৰাকী । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাক অনুৰোধ জনাই ক্ষতিপূৰণ দিয়াৰ লগতে এই ঘটনাৰ উচিত তদন্তৰ দাবী জনাইছে স্থানীয় ৰাইজে ।
লগতে পঢ়ক: Allegation against AMC: অক্সিজেনৰ অভাৱত মৃত্যু হোৱা শিশুৰ মৃতদেহ দিলে অন্য অভিভাৱকক