ETV Bharat / state

ৰঙিয়াত ষ্টেট বেংকৰ গ্ৰাহকৰ একাউন্টৰ পৰা 9 লাখ টকা হৰলুকি

ৰঙিয়াত পুনৰ বেংক হৰলুকিৰ ঘটনা ৷ দুষ্ট চক্ৰই বেংকৰ পৰা লুটি নিলে 9 লাখ 13 হাজাৰ টকা ৷ ৰঙিয়া আৰক্ষীত এজাহাৰ দাখিল ৷

Rs 9 lakh stolen in Rangia after cards cloned at ATM
ৰঙিয়াত ষ্টেট বেংকৰ গ্ৰাহকৰ একাউন্টৰ পৰা 9 লাখ টকা হৰলুকি
author img

By

Published : Oct 11, 2020, 12:43 PM IST

ৰঙিয়া, 11 অক্টোবৰ : কামৰূপ জিলাৰ ৰঙিয়াত পুনৰ সংঘটিত হৈছে বেংক হৰলুকিৰ ঘটনা ৷ ভাৰতীয় ষ্টেট বেংকৰ গ্ৰাহকৰ পৰা কোনো দুষ্ট চক্ৰই লুটি নিলে নগদ 9 লাখ 13 হাজাৰ টকা ৷ ইতিমধ্যে, ভুক্তভোগী পৰিয়ালৰ লোকে ৰঙিয়া আৰক্ষীত এজাহাৰ দাখিল কৰিছে; কিন্তু আজি পৰ্যন্ত কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিবলৈ সক্ষম হোৱা নাই ৰঙিয়া আৰক্ষীয়ে ৷

ৰঙিয়াত ষ্টেট বেংকৰ গ্ৰাহকৰ একাউন্টৰ পৰা 9 লাখ টকা হৰলুকি

তথ্য অনুসৰি, বিগত এসপ্তাহৰ ভিতৰতে ৰঙিয়াৰ অৱসৰপ্ৰাপ্ত শিক্ষক পৰেশ চন্দ্ৰ ডেকাৰ একাউন্টৰ পৰা লুটি নিলে 9 লাখ 13 হাজাৰ টকা ৷ বেংকৰ লগত লিংক থকা ম'বাইলৰ এয়াৰটেল চিমখন ব্লক হৈ থকাৰ সময়তে একাউণ্টৰ পৰা টকা হৰলুকি কৰাৰ ঘটনা পোহৰলৈ অহাৰ কথা অৱগত কৰিছে ভুক্তভোগী শিক্ষকে ৷ পৰৱৰ্তী সময়ত টকা উলিয়াবলৈ গৈ হতবাক ৰঙিয়া উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত শিক্ষক পৰেশ চন্দ্ৰ ডেকা আৰু তেওঁৰ পত্নী ।

ভুক্তভোগী শিক্ষকৰ মন্তব্য-

লগতে পঢ়ক : অক্ষয় টেলি কমিউনিকেচনত চিআইডিৰ হাতোৰা

উপায়বিহীন হৈ বেংক কৰ্তৃপক্ষ আৰু ৰঙিয়া আৰক্ষীৰ কাষ চাপে ভুক্তভোগী গ্ৰাহকজনে । নিৰাপদ স্থান হিচাপে বেংকত থোৱা সাঁচতীয়া ধনখিনি এনেদৰে দুষ্ট চক্ৰই হেক কৰি নিয়াত হাহাকাৰ লাগিছে পৰিয়ালটোৰ মাজত । দুদিনৰ ভিতৰত 17 বাৰকৈ মুঠ 9 লাখ 13 হাজাৰ টকা লুটি নিয়াত বৰ্তমান যথেষ্ট চিন্তিত হৈছে পৰিয়ালটো ।

পত্নীৰ মন্তব্য

আনহাতে, এই সমগ্ৰ ঘটনাৰ পিচত বেংক কৰ্মচাৰীৰ হাত থকা বুলি সন্দেহ কৰিছে ভুক্তভোগী পৰিয়ালে ৷ কিয়নো দুদিনৰ ভিতৰত 17 বাৰকৈ টকা উলিওৱাৰ পিচত বেংক কৰ্তৃপক্ষই কিয় কথাটো পুনৰ নিৰীক্ষণ নকৰিলে তাকে লৈ চিন্তিত হৈছে অঞ্চলটোৰ সচেতন মহল ৷ যাৰ বাবে ৰঙিয়া আৰক্ষীৰ যোগেদি উচিত তদন্ত বিচাৰিছে ভুক্তভোগী পৰিয়ালে

লগতে পঢ়ক : যোৰহাট আৰক্ষীৰ জালত ভুৱা চি বি আই বিষয়া

For All Latest Updates

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.