ৰঙিয়া, 15 এপ্ৰিল : চৌদিশে ৰঙালীৰ ৰং (Assamese festival) । অসমবাসীয়ে অতি আদৰেৰে পহিলা ব'হাগত মানুহৰ বিহু বা বৰ বিহু উদযাপন কৰিছে (Rangali Bihu 2022) । চৌদিশে মুখৰিত হৈ উঠিছে ঢোল-পেঁপা গগনাৰ মাত ৷ তাৰ মাজতে ব্যতিক্ৰমী প্ৰচেষ্টাৰে হেঁপাহৰ ৰঙালী বিহুটি পালন কৰিলে ৰঙিয়াৰ এটা পেট্ৰ’ল পাম্পে (Rongali Bihu celebration at Rangia) ৷
ৰঙিয়াৰ এম চি কাকতি ফিলিং চেণ্টাৰৰ কৰ্মচাৰীসকলে কৰ্মৰ মাজেৰে নিজৰ কৰ্ম সংস্কৃতি জীয়াই ৰখাৰ উদ্দেশ্যে অসমীয়া সাজ-পাৰ পৰিধান কৰি নিজৰ কৰ্তব্য পালনত ব্যস্ত ৷ আনকি গ্ৰাহকক কলৰ দোনাত জলপানো পৰিৱেশন কৰায় পেট্ৰ’ল পাম্পটোৱে ৷ ইফালে পেট্ৰ’ল-ডিজেল পাম্পটোৰ কৰ্তৃপক্ষৰ পৰিয়ালৰ মহিলাসকলে পেট্ৰ’ল-ডিজেল পাম্প চৌহদতে বিহু গাই আনন্দ স্ফূৰ্তি কৰিছে ।
লগতে পে’ট্ৰল-ডিজেল ভৰাবলৈ অহা সকলো গ্ৰাহককে একোখন গামোচাৰে এফালৰ পৰা সম্বৰ্ধনা জনায় । যাৰ ফলত উৎফুল্লিত হৈ পৰিছে গ্ৰাহকসকল ৷
লগতে পঢ়ক : Rongali Bihu in Assam : নগাঁৱৰ আমোলাপট্টিত জেং বিহু