বাইহাটা,7 নৱেম্বৰ: কামৰূপ জিলাৰ বাইহাটা চাৰিআলি থানাৰ সমীপতে 15 নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত এক পথ দুৰ্ঘটনা। দুৰ্ঘটনাত প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনৰ কনভয়ে মহটিয়ালে বাইক আৰোহীক ৷ মঙলদৈৰ কিষান ৰেলীৰ পৰা গুৱাহাটী অভিমূখে আহি থকা অবস্থাত সংঘটিত হ'ল এই দুৰ্ঘটনা। ৰকিবুল হুছেইনৰ কনভয়ৰ AS-01-ED-7860 নম্বৰৰ MAHENDRA ALTRUS গাড়ী খনৰ খুন্দাত গুৰুতৰ ভাবে আহত হয় AS-25-G-7667 নম্বৰৰ বাইকখনৰ দুই আৰোহী ।

সংকটজনক অৱস্থাত দুই আৰোহীক GMCHলৈ লৈ যোৱা হয় যদিও বৰ্তমানলৈকে তেওঁলোকৰ নাম আৰু ঠিকনা জানিব পৰা নাই ৷ দুৰ্ঘটনা সংঘটিত কৰি ৰকিবুল হুছেইনৰ কনভয়ে পলায়ন কৰিবলৈ চেষ্টা কৰোতেই স্থানীয় ৰাইজৰ সহযোগত বাহনখন বাইহাটা চাৰিআলি আৰক্ষীয়ে জব্দ কৰে ।
লগতে পঢ়ক: চক্ৰ বিষয়াক গ্ৰেপ্তাৰৰ দাবীৰে উত্তাল ধেমাজি ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়