ETV Bharat / state

ৰঙিয়াত দিন দুপৰতে ধন লুটৰ ঘটনা

পালচাৰ বাইক সন্মুখত ৰখাই বন্ধন বেংকৰ এজেন্টৰ পৰা লুট কৰি লৈ গ'ল ধন । বাইকত অহা তিনি দুৰ্বৃত্তই লুটি লৈ গ’ল ৪৫ হাজাৰ, ৬ শ ১৫ টকা । এজেন্টজন হৈছে দুধনৈৰ বিকাশ দাস ।

ৰঙিয়াত ধন লুটৰ ঘটনা
author img

By

Published : Aug 5, 2019, 10:37 PM IST

ৰঙিয়া, 5 আগষ্ট: ৰঙিয়াৰ বিহাপাৰাত দিন ডকাইতি । পালচাৰ বাইক সন্মুখত ৰখাই বন্ধন বেংকৰ এজেন্টৰ পৰা লুট কৰি লৈ গ'ল ধন । বাইকত অহা তিনি দুৰ্বৃত্তই লুটি লৈ গ’ল ৪৫ হাজাৰ, ৬ শ ১৫ টকা । এজেন্টজন হৈছে দুধনৈৰ বিকাশ দাস । সোমবাৰে ৰঙিয়া-বাক্সা সীমান্তৰ কেইবাখনো গাঁৱৰ মহিলাসকলৰ পৰা টকা সংগ্ৰহ কৰি উভতাৰ পথত সংঘটিত হয় এই ডকাইতি । এখন নম্বৰ প্লেট বিহীন পালচাৰ বাইকত আহিছিল তিনি দুৰ্বৃত্ত । প্ৰথমে বাইকেৰে আহি পথৰ মাজত ৰখাই বাইকখন, তাৰ পিছত এজেন্টজনে নিজৰ বাইকখন ৰখাৰ লগে লগে বন্ধন বেংকৰ এজেন্টজনক টকাৰ বেগটো বিচাৰে । টকাৰ বেগ দিবলৈ অমান্তি হোৱাত দুই দুৰ্বৃত্তই পিষ্টল দেখুৱাই প্ৰাণে মৰাৰ ভাবুকি দি টকাৰ বেগটো কাঢ়িব বিচাৰে । তাৰ পিছতো বেগটো দিবলৈ অমান্তি হোৱাত দুৰ্বৃত্তই এজেন্টজনক আক্ৰমণ কৰি টকাৰ বেগটো কাঢ়ি লৈ তামুলপুৰ অভিমুখে পলায়ন কৰে । ইতিমধ্যে ঘটনা সন্দৰ্ভত ৰঙিয়া থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী এজেন্টজনে । আৰক্ষী তিনি দুৰ্বৃত্তৰ সন্ধানত নামি পৰিছে যদিও বৰ্তমানেও কোনো সফলতা লাভ কৰিবলৈ সক্ষম হোৱা নাই ।

Intro:ৰঙিয়াত ধন লুটৰ ঘটনাBody:ৰঙিয়াৰ বিহাপাৰাত দিন ডকাইতি। পালচাৰ বাইক সন্মুখত ৰখাই বন্ধন বেংকৰ এজেন্টৰ পৰা লুট কৰি লৈ গ'ল ধন । বাইকত অহা তিনি দুৰ্বৃত্তই লুটি লৈ গল ৪৫ হাজাৰ, ৬ শ ১৫ টকা । এজেন্টজন হৈছে দুধনৈৰ বিকাশ দাস । আজি ৰঙিয়া-বাক্সা সীমান্তৰ কেইবাখনো গাঁৱৰ মহিলাসকলৰ পৰা টকা সংগ্ৰহ কৰি উভতাৰ পথত সংঘটিত হয় এই ডকাইতি। ঘটনাৰ বিৱৰণ অনুসৰি এখন নম্বৰ প্লেট বিহীন পালচাৰ বাইকত আহিছিল তিনি দুৰ্বৃত্ত । প্ৰথমে বাইকেৰে আহি পথৰ মাজত ৰখাই বাইকখন, তাৰ পিছত এজেন্টজনে নিজৰ বাইক খন ৰখাৰ লগে লগে বন্ধন বেংকৰ এজেন্টজনক টকাৰ বেগটো বিচাৰে । টকাৰ বেগ দিবলৈ অমান্তি হোৱাত দুই দুৰ্বৃত্তই পিষ্টল দেখুৱাই প্ৰাণে মৰাৰ ভাবুকি দি টকাৰ বেগটো কাঢ়িব বিচাৰে । তাৰ পিছতো বেগটো দিবলৈ অমান্তি হোৱাত দুৰ্বৃত্তই এজেন্টজনক আক্ৰমণ কৰি টকাৰ বেগটো কাঢ়ি লৈ তামুলপুৰ অভিমুখে পলায়ন কৰে । ইতিমধ্যে ঘটনা সন্দৰ্ভত ৰঙিয়া থানাত এজাহাৰ দাখিল কৰিছে ভুক্তভোগী এজেন্টজনে । আৰক্ষী তিনি দুৰ্বৃত্তৰ সন্ধানত নামি পৰিছে যদিও বৰ্তমানেও কোনো সফলতা লাভ কৰিবলৈ সক্ষম হোৱা নাই।Conclusion:ৰঙিয়াৰ পৰা বন্দনা শৰ্মা
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.