ETV Bharat / state

Robbers arrested by Kamrup police: কামৰূপ আৰক্ষীৰ জালত তিনি দুৰ্ধৰ্ষ ডকাইত - 3 Robbers arrested with weapons in Rangia

আৰক্ষীৰ জালত তিনি দুৰ্ধৰ্ষ ডকাইত (Robbers arrested by Kamrup police)৷ কামৰূপ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় তিনি ডকাইতক ৷ ধৃত তিনি ডকাইতৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে মোবাইল, বাইকৰ লগতে বহু আপত্তিজনক সামগ্ৰী (3 Robbers arrested in Rangia)৷

Robbers arrested by Kamrup police
আৰক্ষীৰ জালত তিনি দুৰ্ধৰ্ষ ডকাইত
author img

By

Published : Jan 6, 2023, 8:40 AM IST

কামৰূপ আৰক্ষীৰ জালত তিনি দুৰ্ধৰ্ষ ডকাইত

ৰঙিয়া, 6 জানুৱাৰী: অপৰাধ আৰু অপৰাধীৰ বিৰুদ্ধে প্ৰতিপল সষ্টম অসম আৰক্ষী ৷ আৰক্ষীয়ে অভিযান চলাই নিতৌ অপৰাধী কৰায়ত্ত কৰি অপৰাধক নিয়ন্ত্ৰণৰ চেষ্টা অব্যাহত ৰাখিছে যদিও এয়া সম্ভৱ হৈ উঠা নাই ৷ অপৰাধীয়েও ন ন কৌশল অৱলম্বন কৰি অপৰাধ সংঘটিত কৰি আহিছে ৷ সমান্তৰালকৈ আৰক্ষীয়েও অধিক সষ্টম হৈ তীব্ৰতৰ কৰি তুলিছে অপৰাধৰ বিৰুদ্ধে অভিযান ৷ বিভিন্ন সময়ত আৰক্ষীয়ে অভিযানত সফলতা লাভ কৰিছে যদিও বহু সময়ত আকৌ বিফল হোৱাও দেখিবলৈ পোৱা যায় ৷

ইয়াৰ মাজতে বৃহস্পতিবাৰে কামৰূপ আৰক্ষীয়ে চলোৱা এক অভিযানত তিনি দুৰ্ধৰ্ষ ডকাইতক কৰায়ত্ত কৰিবলৈ সক্ষম হয় ৷ ৰঙিয়াৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ চোচাইটিত চিআৰপিএফৰ এটা দলক লৈ আৰক্ষীয়ে চলাইছিল এই অভিযান (Robbers arrested by Kamrup police) ৷

আৰক্ষী সূত্ৰে পোৱা তথ্য অনুসৰি, কামৰূপ জিলাৰ বিভিন্ন স্থানত ডকাইতি কৰি এক সন্ত্ৰাসৰ পৰিৱেশ সৃষ্টি কৰিছিল ধৃত ডকাইতৰ দলটোৱে (3 Robbers arrested in Rangia)। ধৃত ডকাইতৰ দলটোৰ পৰা আৰক্ষীয়ে জব্দ কৰিছে এটা ৭ পইন্ট ৬৫ এম এম পিষ্টল, ৮ জাই সজীৱ গুলি, দুখন চোকা অস্ত্ৰ (চুৰি) আৰু তিনিটা মোবাইল ফোন । এই সন্দৰ্ভত অধিক জানিবলৈ দি অভিযানকাৰী আৰক্ষীৰ দলটোৱে কয় যে, বৃহস্পতিবাৰে এক গোপন খবৰৰ ভিত্তিত ৰঙিয়া থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া ভাস্কৰ মল্ল পাটোৱাৰীৰ নেতৃত্বত ৰঙিয়াৰ ২৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ স্বস্তি হস্পিটেলৰ সমীপত চলোৱা হৈছিল অভিযান ।

Robbers arrested by Kamrup police
কামৰূপ আৰক্ষীৰ জালত তিনি দুৰ্ধৰ্ষ ডকাইত

আৰক্ষীৰ এই অভিযানত সহযোগ কৰিছিল চিআৰপিএফৰ এটা দলেও । অভিযানকাৰী দলটোৱে বকো অভিমুখী AS 01 ES 6846 নম্বৰৰ ২২০ পালচাৰত অহা দুই আৰোহীক আবদ্ধ কৰি চলাইছিল তালাচী ৷ আৰক্ষীয়ে চলোৱা এই তালাচীত দুই বাইক আৰোহীৰ পৰা এটা ৭.৬৫ এম এম পিষ্টল, ৮ জাই সজীৱ গুলি, দুখন চোকা অস্ত্ৰ (চুৰি) আৰু দুটা মোবাইল জব্দ কৰে ৷ লগতে জব্দ কৰে অপৰাধী দুটাই চলাই অহা পালচাৰ বাইকখনো । ইয়াৰ পাছতে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে বাক্সাৰ হাৰিজোৰাৰ ফজল আলী আৰু বাবলী হুছেইন নামৰ এই দুই অপৰাধীক ।

ধৃত দুই অপৰাধীক গ্ৰেপ্তাৰ কৰি ৰঙিয়া থানাত চলোৱা জোৰদাৰ জেৰাত আৰক্ষীয়ে লাভ কৰিবলৈ সক্ষম হয় বহুকেইটা চাঞ্চল্যকৰ তথ্য । ধৃত অপৰাধী দুটাই আৰক্ষীক দিয়া স্বীকাৰোক্তি অনুসৰি, বকোৰ সোণতলিৰ আন এটা ডকাইতে কোনো স্থানত ডকাইতি কৰাৰ উদ্দেশ্যেৰে বাক্সাৰ হাৰিজোৰাৰ ধৃত দুই ডকাইতক মাতি পঠিয়াইছিল । পৰিকল্পনা অনুসৰি তিনি দুৰ্ধৰ্ষ ডকাইতে বকোৰ সোণতলিৰ চিএছপিৰ এজেন্ট এজনৰ ঘৰত ডকাইতি কৰাৰ পৰিকল্পনাৰ কৰাৰ কথাও জেৰাৰ সময়ত আৰক্ষীৰ আগত দিলে স্বীকাৰোক্তি ৷ (Robbers arrested with weapons in Rangia)।

এই তথ্য লাভ কৰাৰ পাছতেই আৰক্ষীৰ দলটো ৰাওনা হয় বকোৰ সোণতলি অভিমুখে আৰু সোণতলিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ডকাইতৰ দলটোৰ আনটো দুৰ্ধৰ্ষ ডকাইত আনোৱাৰ হুছেইনক । বহিঃৰাজ্যত কাম কৰা এই তিনি অপৰাধীয়ে দুমাহ পূৰ্বে ঘৰলৈ উভতি আহিছিল আৰু আহি ডকাইতিৰ কাৰ্যত লিপ্ত হৈছিল ।

যোৱা দুটা মাহৰ ভিতৰত কেইবাটাও ডকাইতি কাণ্ড সংঘটিত কৰিছিল তিনিজনীয়া এই ডকাইতৰ দলটোৱে । আৰক্ষীয়ে আৰু অধিক তথ্যৰ বাবে তিনিওকে ৰঙিয়া থানাত ৰাখি সোধ-পোছ অব্যাহত ৰাখিছে ।

লগতে পঢ়ক : MOU Signed by CM: বিনামূলীয়া হ’ল প্ৰাক্তন সেনা আৰু পৰিয়ালৰ লোকৰ চিকিৎসা

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.