ETV Bharat / state

দলং নিৰ্মাণত ব্যস্ত শতাধিক ৰাইজ

author img

By

Published : Jul 19, 2021, 11:59 AM IST

ৰঙিয়াৰ ধেপাৰগাঁও-বগৰীবাৰী সংযোগী পথটো একেবাৰে জৰাজীৰ্ণ অৱস্থা হোৱাৰ উপৰিও পুঠিমাৰী নৈৰ বানে পথটোৰ এটা অংশ খহাই নিয়াত যাতায়াতৰ ক্ষেত্ৰত জমৰ যাতনা ভোগ কৰিবলগীয়া হৈছে ৰাইজে ৷ দীৰ্ঘদিন ধৰি চৰকাৰে কোনো ব্যৱস্থা কৰি নিদিয়াত অৱশেষত ৰাইজে পথটো মেৰামতি কৰিব ওলাই আহে ৷

Road construction by public At Rangia,kamrup District
দলং নিৰ্মাণত ব্যস্ত শতাধিক ৰাইজ

ৰঙিয়া, 19 জুলাই : ৰঙিয়াৰ ধেপাৰগাঁৱত ৰাইজে মেৰামতি কৰিলে ধেপাৰগাঁও-বগৰীবাৰী গড়কাপ্তানী পথটো। যোৱাতো বছৰত হোৱা বানত পুঠিমাৰি নৈখনে ধেপাৰগাঁও-বগৰীবাৰী সংযোগী পথটোৰ এটা অংশ খহাই নিয়ে ৷ ফলত দীৰ্ঘদিন ধৰি যাতায়াতৰ ক্ষেত্ৰত জলা-কলা খাবলগীয়া হৈছে ৰাইজে ৷ অৱশেষত ধেপাৰগাঁও আৰু বগৰীবাৰী গাঁৱৰ ৰাইজে দিনে-নিশাই শ্ৰমদান কৰি প্ৰায় ২০০ ফুট দৈৰ্ঘ্যৰ এখন বাঁহৰ দলং সাজি উলিয়ায় ।

বিগত বছৰত ধেপাৰগাঁৱত পুঠিমাৰী নৈৰ বানে সংহাৰী ৰূপ ধাৰণ কৰি বিস্তৰ ক্ষতি সাধন কৰে । যোৱা বৰ্ষৰ বানে ধেপাৰগাঁও-বগৰীবাৰী সংযোগী পথৰ প্ৰায় ২০০ ফুট দৈৰ্ঘ্যৰ পথ পুঠিমাৰী নৈৰ বানে উটুৱাই নিছিল । যাৰফলত সম্পূৰ্ণৰূপে যাতায়াত সেৱা বন্ধ হৈ পৰে । কৰোবাত যদি একঁকাল পানী আন কৰোবাত আকৌ এবুকু পানীৰ মাজেৰেই যাতায়াত কৰিবলগীয়া হয় ৰাইজে । যাৰফলত ব্যাপক সমস্যাৰ সৃষ্টি হৈছে ৰাইজৰ ।

দলং নিৰ্মাণত ব্যস্ত শতাধিক ৰাইজ

ইফালে ৰঙিয়া সমষ্টিৰ (Rangiya Constituency) ধেপাৰগাঁও অঞ্চলৰ মূল পথটো বানে খহাই নিয়ে যদিও এবছৰ ধৰি কোনো মেৰামতি নকৰা বুলি অভিযোগ কৰে চৰকাৰৰ বিৰুদ্ধে । চৰকাৰ তথা জনপ্ৰতিনিধিৰ অমনোযোগীতাৰ বাবেই এই বৃহত্তৰ অঞ্চলটোৰ জনসাধাৰণে যাতায়াতৰ নামত যমৰ-যাতনা ভূগিব লগা হৈছে ।

বিশেষকৈ জৰুৰীকালীন অৱস্থাত অঞ্চলটোলৈ এম্বোলেঞ্চ আৰু অগ্নি নিৰ্বাপক বাহিনীৰ বাহন এখনো আহিব নোৱাৰে বুলি অভিযোগ কৰিছে ৰাইজে ৷ ফলত বছৰ বছৰ ধৰি জৰুৰীকালীন সেৱাৰ পৰা বঞ্চিত হ'ব লগা হৈছে ৰাইজ । উপায়হীন হৈ অৱশেষত অঞ্চলটোৰ পুৰুষ-মহিলা সকলোৱে লগলাগি পথটো মেৰামতি কৰাৰ লগতে গাঁঠিৰ ধন ভাঙি এখন বাঁহৰ দলংখন নিৰ্মাণ কৰে । অতিশীঘ্ৰে পথটো মেৰামতি কৰি যাতায়াত ব্যৱস্থা সুচল কৰি দিবলৈ চৰকাৰক অঞ্চলবাসীয়ে আহ্বান জনাইছে ৷

লগতে পঢ়ক-বেঁকী নৈৰ গৰাখহনীয়াৰ কৱলত গাইড বান্ধ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.