আজাৰা, 20 মে’: দক্ষিণ কামৰূপৰ আজাৰাৰ বিজয়নগৰত মঙলবাৰে সন্ধিয়া হোৱা শোকাৱহ পথ দুৰ্ঘটনাত পুত্ৰৰ সন্মুখতে প্ৰাণ যায় মাতৃৰ । বাইক আৰু ট্ৰাকৰ মাজত হোৱা সংঘৰ্ষৰ ফলত মৃত্যু হয় মহিলা গৰাকীৰ ৷ উল্লেখ্য যে, পলাশবাৰীৰ বৰদুৱাৰৰ পৰা বিজয়নগৰলৈ কিছু জৰুৰী কামৰ বাবে মাতৃৰ সৈতে আহিছিল পুত্ৰ ৷
পিছফালৰ পৰা অহা AS-18-C-0478 নম্বৰৰ ট্ৰাকখনে খুন্দা মাৰে AS-01-AW-9523 নম্বৰৰ গ্লেমাৰ বাইকখনত ৷ ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ উদ্ধাৰ কৰে মৃতদেহটো ।
লগতে পঢ়ক: এখন ক্ৰিকেট খেলক লৈ ধিঙত লংকা কাণ্ড