ETV Bharat / state

চেপ্তিত ভয়ংকৰ পথ দুৰ্ঘটনা

author img

By

Published : Apr 20, 2021, 9:02 AM IST

ৰঙিয়াৰ চেপ্তিত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা ৷ একে দিশৰ পৰা আহি থকা AS-01-AN-3382 নম্বৰৰ চাৰিচকীয়া বাহন আৰু AS-01-M-4496 নম্বৰৰ ট্ৰাকৰ মাজত হোৱা সংঘৰ্ষৰ ফলতে সংঘটিত হয় দুৰ্ঘটনাটো ৷ দুৰ্ঘটনাটোত বাহনখনৰ চালকসহ দুগৰাকী যাত্ৰী গুৰুতৰভাৱে আহত হয় ৷

Road accident at Rangia
চেপ্তিত ভয়ংকৰ পথ দুৰ্ঘটনা

ৰঙিয়া,20 এপ্ৰিল: ৰঙিয়াৰ 31 নং ৰাষ্ট্ৰীয় ঘাইপথৰ চেপ্তিত সংঘটিত হৈছে ভয়ংকৰ পথ দুৰ্ঘটনা ৷ চাৰিচকীয়া বাহন আৰু ট্ৰাকৰ মাজত হোৱা সংঘৰ্ষৰ ফলতে সংঘটিত হয় দুৰ্ঘটনাটো ৷ AS-01-AN-3382 নম্বৰৰ চাৰিচকীয়া বাহনখনে একে দিশৰ পৰা আহি থকা AS-01-M-4496 নম্বৰৰ ট্ৰাকখনত প্ৰচণ্ড জোৰে খুন্দা মাৰে ৷ যাৰ ফলত বাহনৰ বিস্তৰ ক্ষতি হোৱাৰ লগতে বাহনখনৰ চালকসহ দুগৰাকী যাত্ৰী গুৰুতৰভাৱে আহত হয় ৷

Road accident at Rangia
চেপ্তিত ভয়ংকৰ পথ দুৰ্ঘটনা

উল্লেখ্য যে, ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ স্থানীয় লোকৰ সহযোগত চালকসহ যাত্ৰী দুগৰাকীক উদ্ধাৰ কৰি চিকিৎসালয়ত ভৰ্তি কৰাই ৷ দুয়োখন বাহনে ট্ৰেফিক আইন অমান্য কৰি অহাৰ ফলতে দুৰ্ঘটনাটো সংঘটিত হোৱা বুলি অভিযোগ কৰিছে প্ৰত্যক্ষদৰ্শীয়ে ৷

লগতে পঢ়ক: কলগাছিয়াত নিশা পথ দুৰ্ঘটনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.