ৰঙিয়া,20 এপ্ৰিল: মঙলবাৰে ৰঙিয়া নগৰৰ ষ্টেচন ৰোডত সংঘটিত হৈছে এক পথ দুৰ্ঘটনা ৷ এখন দ্ৰুতবেগী ডাম্পাৰে মহতিয়াই নিলে স্কুটী আৰোহীক । থিতাতে নিহত হয় স্কুটী আৰোহী গৰাকী ।
এই দুৰ্ঘটনাক কেন্দ্ৰ কৰি সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি । ৰাইজে অভিযোগ কৰা অনুসৰি, দুৰ্ঘটনা সংঘটিত হোৱাৰ পাচতেই আৰক্ষীক খবৰ দিয়াৰ স্বত্বেও এঘণ্টালৈ ঘটনাস্থলীত উপস্থিত নহ’ল আৰক্ষী । যাৰ বাবে আৰু অধিক উত্তপ্ত হৈ পৰে দুৰ্ঘটনাস্থলী ৷
জানিব পৰা মতে, নিহত লোকজন হৈছে ৰঙিয়াৰ সমীপৰ আলাগদিয়াৰ পংকজ ভট্ট (৫০) ৷ দুৰ্ঘটনা সংঘটিত কৰিয়ে ঘটনাস্থলীৰ পৰা পলায়নৰ চেষ্টা কৰে ডাম্পাৰসহ চালক গৰাকী । ৰাইজৰ তৎপৰতাত AS 25 CC 3494 নম্বৰৰ ডাম্পাৰখনক জব্দ কৰিবলৈ সক্ষম হয় ।
এই দুৰ্ঘটনাক কেন্দ্ৰ কৰি কেইবাঘণ্টা ধৰি বন্ধ হৈ থাকে ৰঙিয়াৰ ষ্টেচন ৰোড । পৰৱৰ্তী সময়ত ঘটনাস্থলীত আৰক্ষী, অৰ্ধ সামৰিক বাহিনী উপস্থিত হোৱাত শাম কাটে পৰিস্থিতি । উল্লেখ্য যে, এই ঘটনাৰ পাছতেই দিনৰ ভাগত ৰঙিয়া নগৰত গধুৰ বাহনৰ চলাচল নিষিদ্ধ কৰিছে মহকুমা প্ৰশাসনে ।