বকো, 10 আগষ্টঃ বকো থানাৰ অন্তৰ্গত শাখাতিত সোমবাৰে পুৱা সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা ৷ এই দুৰ্ঘটনাত নিহত হয় মেঘালয় আৰক্ষীৰ এজন জোৱান । নিহত জোৱানজনৰ নাম সুৰেন্দ্ৰ এন মাৰাক বুলি জানিব পৰা গৈছে । সোমবাৰে পুৱা প্ৰায় ৭ মান বজাত শাখাতিত ১৭ নং ৰাষ্ট্ৰীয় ঘাইপথত গোৱালপাৰা দিশে গৈ থকা AS-25DC-6193 নম্বৰৰ ৰাজা নামৰ বাছখনৰে গুৱাহাটী দিশে গৈ থকা নম্বৰ প্লেটবিহীন স্কুটী এখনৰ সংঘৰ্ষ হোৱাত স্কুটী আৰোহী সুৰেন্দ্ৰ এন মাৰাকৰ ঘটনাস্থলীতে মৃত্যু হয় । নিহত সুৰেন্দ্ৰ মাৰাক মেঘালয়ৰ তুৰাৰ ডিপুটি কন্ট্ৰোলাৰ চিভিল ডিফেঞ্চৰ ষ্টোৰমেন নায়ক হিচাপে কৰ্মৰত আছিল ।
আনহাতে, দুৰ্ঘটনা সংঘটিত কৰিয়ে ধূপধৰাত বাছখন ৰখাই পলায়ন কৰে বাছখনৰ চালকে । বকো আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ মৃতদেহটো থানালৈ নিয়াৰ লগতে বাছ খনো জব্দ কৰি থানালৈ লৈ যায় ।