ETV Bharat / state

গুৱাহাটী বিমানবন্দৰ ব্যক্তিগতকৰণ কৰাক লৈ কংগ্ৰেছে কৰিব প্ৰতিবাদ : ৰিপুণ বৰা - Lokpriya Gopinath Bordoloi International Airport

50 বছৰৰ বাবে বৰঝাৰস্থিত গুৱাহাটীৰ বিমানবন্দৰটি গৌতম আদানীৰ হাতত কেন্দ্ৰীয় চৰকাৰে গতাই দিয়াৰ সকলো কাম কাজ সম্পন্ন হোৱাৰ পিছত হঠাতে সাৰ পালে বিৰোধী পক্ষ কংগ্ৰেছ । এইবাৰ ৰিপুন বৰাৰ নেতৃত্বত চলিব বিমান বন্দৰ উদ্ধাৰ অভিযান ।

Ripun Bora Visit Lokpriya Gopinath Bordoloi International Airport

author img

By

Published : Aug 23, 2020, 8:19 PM IST

কামৰূপ, 23 আগষ্ট : সন্মুখত বিধানসভা নিৰ্বাচন । ৰাজপাত দখলৰ বাবে উঠি পৰি লাগিছে চৰকাৰ তথা বিৰোধী পক্ষ ৷ ইপিনে চৰকাৰৰ জনসাধাৰণ বিৰোধী কৰ্মৰ সুৰুঙা বিছাৰি গুৱাহাটী বিমানবন্দৰ ব্যক্তিগতকৰণৰ পাচতেই দেওবাৰে নেতা,পালি-নেতাসহ বৰঝাৰ বিমানবন্দৰত উপস্থিত হয় অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা ।

গুৱাহাটী বিমানবন্দৰ ব্যক্তিগতকৰণ কৰাকলৈ ৰিপুন বৰাৰ প্ৰতিক্ৰিয়া

দীৰ্ঘদিনীয়া প্ৰতিবাদৰ পিছতো বৰঝাৰ বিমানবন্দৰ কেন্দ্ৰীয় চৰকাৰে পুঁজিপতি গৌতম আদানীৰ হাতত গতাই দিয়া কাম সম্পন্ন হোৱাৰ পিছতহে হঠাতে সাৰ পালে বিৰোধী পক্ষ কংগ্ৰেছ দলটো । দেওবাৰে দুপৰীয়া বিমানবন্দৰৰ কৰ্মচাৰী সন্থা,টেক্সি চালক সন্থা আদিৰ সৈতে আলোচনাত মিলিত হৈ সোমবাৰে আন্দোলনত নামিব বুলি ৰিপুন বৰাই মন্তব্য কৰে । সম্প্ৰতি বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰ উদ্ধাৰ অভিযানত নামিব কংগ্ৰেছ ।

আনহাতে এই আলোচনাৰ পাচতেই সংবাদমাধ্যমৰ আগত মহাজোঁট তথা AIUDF ৰ সৈতে মিত্ৰতা সন্দৰ্ভত এতিয়াও আলোচনাহে চলি আছে বুলি জানিবলৈ দি যোৱাবাৰ বিধানসভা নিৰ্বাচনত মিত্ৰতা নকৰা বাবেই উজনি অসমত কংগ্ৰেছে ধূলিসাৎ হৈছিল বুলি অকপটে স্বীকাৰ কৰে বৰাই । লগতে মহাজোঁট কেৱল AIUDF অন্যান্য সকলো বিজেপি দলক আহ্বান জনোৱা হৈছে বুলি স্পষ্ট কৰে বৰাই ৷

মহাযুঁট সন্দৰ্ভত ৰিপুন বৰাৰ মন্তব্য

উল্লেখ্য যে, শেহতীয়াকৈ দেশৰ 6 টা কৈ বিমানবন্দৰ ব্যক্তিগতকৰণ কৰাৰ কথা ঘোষণা কৰিছে কেন্দ্ৰৰ মোডী চৰকাৰে । এই বিমানবন্দৰ কেইটা ক্ৰমে, লক্ষ্ণৌ, আহমেদাবাদ, জয়পুৰ মংগালুৰু, তিৰুৱনন্তপুৰম আৰু গুৱাহাটী বিমান বন্দৰ

লগতে চাওক-গহপুৰত ধোঁৱা চাঙত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ আঁচনি

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.