ৰঙিয়া, 13 জুলাই : পূৰ্ণ গতিত চলিছে ৰঙিয়াৰ অন্তৰ্গত চৌমুখাৰ ভগ্ন মথাউৰিৰ পুনঃনিৰ্মানৰ কাম (Reconstruction of broken dam in Rangia) । দিনে-নিশাই বিভাগীয় কৰ্তৃপক্ষই ক্ষিপ্ৰ গতিত চলাইছে বৰলীয়া নৈৰ ভগ্ন মথাউৰিৰ ৰিং বান্ধৰ কাম (Water resources department is in hurry)। আগন্তুক 15 দিনৰ ভিতৰত প্ৰায় 200 শ্ৰমিক নিয়োজিত কৰি অতি ক্ষিপ্ৰতাৰে নৈৰ ৰিং বান্ধৰ কাম সম্পূৰ্ণ কৰি তোলা হ’ব (Ring dam of Baralia river will be completed soon)৷ ইটিভি ভাৰতৰ আগত এই মন্তব্য কৰে এই কামত নিয়োজিত হৈ থকা এজন ঠিকাদাৰে ।
উল্লেখ্য যে, বিগত 26 জুনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বান বিধ্বস্ত ৰঙিয়াৰ চৌমুখাত উপস্থিত হৈ ভগ্ন মথাউৰিটো পৰিদৰ্শন কৰিছিল ৷ লগতে তেওঁ ঘোষণা কৰিছিল যে, নৱেম্বৰ মাহৰ পৰা ৰঙিয়াৰ বৰলীয়া নৈ, পুঠিমাৰী নৈ আৰু নোনা নৈৰ ভগ্ন মথাউৰিসমূহৰ পুনঃনিৰ্মানৰ কাম আৰম্ভ কৰা হ'ব ।
মুখ্যমন্ত্ৰীগৰাকীয়ে বান্ধি দিয়া সময়ৰ পূৰ্বেই তৎপৰ হৈ পৰিছে জল সম্পদ বিভাগ । যেন মুখ্যমন্ত্ৰীগৰাকীৰ নিৰ্দেশৰ পিছতহে চকু মেল খালে খৰালিৰ সময়ত শুই ভৰ বাৰিষাৰ সময়ত মথাউৰি নিৰ্মাণৰ কাম হাতত লোৱা জল সম্পদ বিভাগৰ ৷
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মথাউৰি নিৰ্মাণৰ বাবে যি সময়সীমা বান্ধি দিছিল তাৰ পূৰ্বেই মথাউৰি পুনঃনিৰ্মান কাৰ্যত নিয়োজিত হৈছে প্ৰায় দুশগৰাকী শ্ৰমিক । সম্পূৰ্ণ বৈজ্ঞানিক পদ্ধতিৰে ভগ্ন মথাউৰিৰ নিৰ্মাণৰ কাম হাতত লোৱা বুলি সদৰি কৰিছে নিৰ্মাণ কাৰ্যত নিয়োজিত এগৰাকী ঠিকাদাৰে ।
উদ্দেশ্য এটাই, যিকোনো প্ৰকাৰে ভগ্ন মথাউৰিৰ ৰিং বান্ধ সম্পূৰ্ণ কৰিব লাগে পোন্ধৰ দিনৰ ভিতৰত । কাৰণ বানৰ সময়ত নৈখনে এটা অংশত সোঁত সলনি কৰি পথাৰৰ মাজেৰে ববলৈ আৰম্ভ কৰিছে । এই ৰিং বান্ধ সম্পূৰ্ণ হোৱাৰ পিছত আগন্তুক দিনত বানৰ কৱলৰ পৰা কেইবাখনো গাঁৱৰ ৰাইজে সকাহ পাব । লগতে আগন্তুক সময়ত শালি খেতি কৰিবলৈকো সক্ষম হ’ব সেই অঞ্চলৰ কৃষক ৰাইজে ।
লগতে পঢ়ক : Forest protection and conservations in BTR: বনাঞ্চলত অবৈধভাৱে বসবাস কৰাসকলক অন্য স্থানলৈ স্থানান্তৰ !