ETV Bharat / state

ৰঙিয়াত অক্ষয় পাত্ৰ ফাউণ্ডেছনৰ সাহায্য বিতৰণ

author img

By

Published : Oct 4, 2020, 3:44 PM IST

দেওবাৰে ৰঙিয়াত বানাক্ৰান্তৰ মাজত সাহায্য বিতৰণ কৰে অক্ষয় পাত্ৰ ফাউণ্ডেছনে ৷ বিগত তিনি মাহে পানীৰ তলত আছে বগৰীবাৰীৰ একাংশ বাসিন্দা ৷

Relief distribution from akshya patra foundation in rangia assam etv bharat news
সাহায্য বিতৰণ

ৰঙিয়া, 4 অক্টোবৰ : বানে বিধ্বস্ত কৰা ৰঙিয়াত বানাক্ৰান্তৰ মাজত দেওবাৰে সাহায্য বিতৰণ কৰে অক্ষয় পাত্ৰ ফাউণ্ডেছনে ৷ বিগত সময়ত বাঢ়নী পানীয়ে বগৰীবাৰীৰ পুঠিমাৰী নৈৰ মথাউৰি ছিঙি নিয়াৰ ফলত ঘৰ-বাৰী, খেতি সকলো হেৰুৱাই অসহায় হৈ পৰিছিল একাংশ ৰাইজ ৷ উক্ত লোকসকলক সহায়ৰ উদ্দেশ্যে আগবাঢ়ি আহে ৰঙিয়াৰ কেইগৰাকীমান উদ্যমী লোকৰ লগতে অক্ষয় পাত্ৰ ফাউণ্ডেছন নামৰ স্বেচ্ছাসেৱী সংগঠনটো ৷ বানত বিধ্বস্ত হোৱা প্ৰায় 210 ঘৰ এনে পৰিয়ালৰ মাজত অত্যাৱশ্যকীয় খাদ্য সামগ্ৰী বিতৰণ কৰে সংগঠনটোৱে ৷

স্বেচ্ছাসেৱী সংগঠনটোৰ এই পদক্ষেপক শলাগ লৈছে বানাক্ৰান্তই ৷ উল্লেখ্য যে,পুঠিমাৰী নৈৰ মথাউৰি ভঙাৰ ফলত কেইবাখনো গাঁও বিগত তিনি মাহে পানীৰ তলত আছে ৷ কিন্তু চৰকাৰ তথা প্ৰশাসনৰ ফালৰ পৰা এই লোকসকলৰ সাহায্য আৰু ক্ষতিপূৰণৰ বাবে এতিয়ালৈ যথোপযুক্ত ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ উত্থাপন কৰিছে ৰাইজে ৷

লগতে চাওকঃ সাংসদ ভূৱনেশ্বৰ কলিতাক ঘেৰাও ক্ৰীড়াপ্ৰেমীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.