ৰঙিয়া,23 মে’: ৰঙিয়াত উদ্ধাৰ হৈছে দুষ্প্ৰাপ্য প্ৰজাতিৰ বৰটোকোলা । মানুহে গছ বন কাটি তহিলং কৰাৰ ফলত বনৰীয়া পশু-পক্ষীৰ বাসস্থানৰ অভাৱ হোৱা পৰিলক্ষিত হৈছে । যাৰ ফলতেই ৰঙিয়াৰ শ’লমাৰীৰ ৰাইজে উদ্ধাৰ কৰে দুষ্প্ৰাপ্য প্ৰজাতিৰ বৰটোকোলাটো ৷
![ৰঙিয়াত উদ্ধাৰ দুষ্প্ৰাপ্য প্ৰজাতিৰ বৰটোকোলা](https://etvbharatimages.akamaized.net/etvbharat/prod-images/as-rangia-22may-811-to-812-photo-bartokola-bandana-sarma-as10040_22052021225425_2205f_1621704265_550.jpg)
প্ৰাপ্ত তথ্য অনুসৰি, দুষ্প্ৰাপ্য প্ৰজাতিৰ বৰটোকোলাটো ৰাইজে প্ৰত্যক্ষ কৰি চানেকি নামৰ এটা বে-চৰকাৰী সংস্থাক অৱগত কৰে ৷ পৰৱৰ্তী সময়ত ৰাইজৰ সহযোগত উদ্ধাৰ কৰিবলৈ সক্ষম হয় প্ৰায় তিনি ফুট ওখ আৰু প্ৰায় দহ কেজি ওজনৰ পক্ষীবিধক ৷ দুষ্প্ৰাপ্য পক্ষীবিধক উদ্ধাৰ কৰি বন্য প্ৰাণী সংৰক্ষণ বিভাগক গতাই দিয়া হয় ৷
লগতে পঢ়ক: মুখ্যমন্ত্ৰী সাহাৰ্য পুজিলৈ জনাৰ্দন দেৱ গোস্বামীৰ ৫১ হেজাৰ টকাৰ অনুদান