বাইহাটা, 19 জানুৱাৰীঃ কামৰূপৰ বাইহাটা আৰক্ষীয়ে দেওবাৰে আটক কৰে ধৰ্ষণকাণ্ডৰ অভিযোগত অভিযুক্ত বৰপেটাৰ মোজ্জামিল হকক । বিগত ১৬ জানুৱাৰীত বাইহাটা চাৰিআলি থানাৰ অন্তৰ্গত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথত এক ধৰ্ষণ কাণ্ডৰ অভিযোগ উত্থাপন হৈছিল মোজ্জামিল হকৰ বিৰুদ্ধে ৷ এগৰাকী যুৱতীৰ অভিযোগৰ ভিত্তিতে ভাৰতীয় দণ্ডবিধি আইনৰ ৪২০/৩৭৬ ধাৰাত ১৫/20 নম্বৰত ৰুজু হৈছিল গোচৰ । উক্ত গোচৰৰ ভিত্তিতে বাইহাটা আৰক্ষীয়ে কাজিৰঙা এখন ৰিজৰ্টৰ পৰা দেওবাৰে আটক কৰে মোজ্জামিল হকক । বাইহাটা আৰক্ষী থানাৰ সহকাৰী উপ পৰিদৰ্শক কামদেৱ কলিতাৰ নেতৃত্বত যোৱা এটি আৰক্ষী দলে আটক কৰে মোজ্জামিলক ।
আনহাতে, আটক কৰিয়ে বাইহাটা আৰক্ষীয়ে মোজ্জামিল হকক চলাইছে মাৰথান জেৰা । ৰঙিয়া মহকুমা আৰক্ষী বিষয়াই কংকনজ্যোতি নাথ বাইহাটা চাৰিআলি আৰক্ষী থানাত উপস্থিত হৈ আৰম্ভ কৰিছে তদন্ত । উল্লেখ্য যে, ৰাজ্যৰ বহু প্ৰভাৱশালী ব্যৱসায়ী, ৰাজনৈতিক ৰথী মহাৰথীৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক আছে ধৃত মোজ্জামিল হকৰ ।
আৰু পঢ়কঃ শিক্ষামন্ত্ৰী সালসলনি সন্দৰ্ভত হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিক্ৰিয়া