ৰঙিয়া, 24 জানুৱাৰীঃ 19টা বছৰে এটা বন্ধ কোঠাত জীৱন কটাবলগীয়া হৈছে এগৰাকী কিশোৰীয়ে ৷ নাম বৰষা কলিতা ৷ দুবছৰ বয়সতেই অচিন ৰোগত আক্ৰান্ত হৈছিল বৰষা ৷ পিতৃ-মাতৃয়ে চিকিৎসাৰ বাবে লৈছিল বিভিন্ন ব্যৱস্থা ৷ কিন্তু সকলো অসাৰ হ’ল ৷ বৰষাৰ চিকিৎসা কৰি কৰি সৰ্বস্বান্ত হৈ পৰিল বৰষাৰ পিতৃ ধৰ্মেশ্বৰ কলিতা ৷
আনহাতে, ৰোগগ্ৰস্ত হোৱা বাবে সম্পূৰ্ণৰূপে মানসিক বিকাশো নহ’ল বৰষাৰ ৷ যাৰ ফলত এটা কোঠাত মাক দেউতাকে অনিচ্ছা সত্বেও বন্দী কৰি ৰাখিবলগীয়া হ’ল নিজ সন্তানক ৷ সমনীয়াই কলেজত পঢ়া বয়সত বৰষাই কৰুণভাৱে বন্দীত্বৰ জীৱন কটাবলৈ বাধ্য হৈছে ৷ কিন্তু আজি পৰ্যন্ত অসহায় এই পৰিয়ালটোৱে বৰষাৰ চিকিৎসাৰ বাবে লাভ কৰা নাই কোনো চৰকাৰী সাহায্য ৷ যাৰ ফলত এহাল পিতৃ মাতৃয়ে চকুৰ আগতে নিজৰ সন্তানৰ এনে দুৰ্দশা চাই দিন অতিবাহিত কৰিবলগীয়া হৈছে ৷
লগতে পঢ়ক-শদিয়াত উগ্ৰপন্থীৰ সন্ধানত অসম আৰক্ষীৰ ব্যাপক অভিযান